ক’ভিডক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। ১৬ আগষ্টৰ পৰা ৰাজ্যত খুলিব আন্তঃজিলা যাতায়াত। আজি এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।আজি প্ৰকাশ পাব নতুন কোভিড SOP।
কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। আগন্তুক ৭ দিনৰ বাবে ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰা হ’ব। অহা ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হ’ব, যদি পৰিস্থিতি এনেদৰে থাকে।
ৰাজ্যৰ সকলো জিলাতে শিথিল কৰা হব সান্ধ্য আইন। বিয়লি ৪ বজালৈকে খোলিব পাৰিব দোকান-পোহাৰ। কিন্তু ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব।
ইপিনে কন্টেইনমেন্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন। ১ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ।
অহা ৭ আগষ্টৰ পৰা বিয়লি ৬ বজালৈকে জিলা মুকলি কৰি দিয়াৰ চিন্তা কৰা বুলি জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।
পৰিস্থিতি এনেদৰে উন্নত হৈ থাকিলে স্নাতকোত্তৰ শ্ৰেণী, স্নাতক চূড়ান্ত শ্ৰেণী, দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা।
লগতে পঢ়ক টীয়ক কলিয়াপানীৰ ডেইৰী ফাৰ্ম পুনৰোজ্জীৱিত কৰাৰ দাবী