ৰাজ্যত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন ক’ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)ৰ নিয়মাৱলী জাৰি কৰিছে। এই নতুন এছঅ’পি কাইলৈ পুৱা ৫ বজাৰ পৰা হ’ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত এক সংবাদ মেলত ঘোষণা কৰে ।

ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল, নিশাৰ ভাগতহে আংশিক সান্ধ্য বাহাল থাকিব।
সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন সকলো জিলাত।

সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।

আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল।

জিলাৰ ভিতৰতে যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ আসনতহে সামাজিক দূৰত্ব, মাস্ক আদি ক’ভিড বিধি মানি চলাচলৰ অনুমতি ।

বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক দহ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি ।

লগতে পঢ়ক অসমৰ ভূমিত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ সদনত উত্তপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply