কাইলৈ প্ৰকাশ পাব নতুন এছ অ’ পি । ক’ভিডৰ নতুন এছ অ’ পি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে এই নতুন এছ অ’ পি ঘোষণা কৰিব।কাইলৈ প্ৰকাশ পাবলগীয়া নতুন এছ অ’ পি আজি চুড়ান্ত কৰা হৈছে।
নতুন এছ অ’ পিত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থাকিব কিছু ৰেহাই।ছেপ্তেম্বৰৰ পূৰ্বে শিক্ষানুষ্ঠানসমূহ আৰম্ভ কৰাৰ পৰিবেশ নাই।ৰাজ্যত বিয়লি ৫ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজালৈ দোকান-পোহাৰ খোলাৰ সম্ভাৱনা আছে।
যুগ্ম-অযুগ্ম নম্বৰেৰে যাতায়াত খোলাৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি।সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎৰ সম্ভাৱনা।
লগতে পঢ়ক আফগানিস্তানৰ পৰিস্থিতিকলৈ চিন্তিত ক্ৰিকেটাৰ ৰাশিদ খান