কোৰোনা ভেকচিন
কোৰোনা ভেকচিন

ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা । সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন নিয়ম। ভেকছিন নল’লে বিপদ হ’ব পাৰে আপোনাৰ। ভেকছিন নোলোৱাকৈ দোকান খুলিলে ছীল কৰা হ’ব দোকান।

জিলা প্ৰশাসনে ছীল কৰি দিব দোকান। ভেকছিন লোৱাৰ প্ৰমাণ পত্ৰ আঁৰি থ’ব লাগিব দোকানৰ সন্মুখত। দোকানৰ সন্মুখত লিখিব লাগিব ‘উই আৰ অল ভেকছিনেটেড’।

চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো লিখি থ’ব লাগিব ‘উই আৰ অল ভেকছিনেটেড’। কৰ্মচাৰীয়ে দুপালি ভেকচিন নল’লে কৰ্তন হ’ব দৰমহা।

ভেকছিন নোলোৱাৰ অজুহাতত অফিচলৈ নাহিলে কৰ্তন হ’ব দৰমহা। সোমবাৰৰ ভিতৰত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ল’ব লাগিব ভেকছিন। ভেকছিন নোলোৱাকৈ কাৰ্যালয়লৈ আহিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ।

ভেকছিন গ্ৰহণক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। পৰ্যাপ্ত ভেকছিন মজুত থকাৰ পিছতো একাংশ লোকে ভেকছিন গ্ৰহণ নকৰাৰ বাবে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।

কৰ্মচাৰীসকলে ভেকছিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে শাস্তিৰ সন্মুখীন হ’ব। সোমবাৰৰ ভিতৰত ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীক ভেকছিন গ্ৰহণৰ বাবে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

লগতে পঢ়ক ক’ভাক্সিন লৈ বিপদত এতিয়া ছাত্ৰ ছাত্ৰী

ব্যৱসায়ীৰ ক্ষেত্ৰতো ভেকছিন নোলোৱা কোনো দোকানীয়ে খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। এই নিৰ্দেশ নামানি প্ৰতিষ্ঠান খুলিলে উপাযুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিকভাৱে ছীল কৰি দিব দোকান-প্ৰতিষ্ঠান।

ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।
একাদশ শ্রেণী পৰ্যন্ত বন্ধ থাকিব সকলো শ্রেণীকোঠা। দ্বাদশ আৰু স্নাতক ষষ্ঠ ষান্মাসিক শ্রেণীৰ পাঠগ্রহণৰ বাবে অনুমতি প্ৰদান।
স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ শ্রেণীৰো পাঠগ্রহণৰ অনুমতি প্ৰদান কৰিছে শিক্ষা বিভাগে। ৬ ছেপ্টেম্বৰৰ পৰা খোল খাব শ্রেণীকোঠা। যিসকল শিক্ষাৰ্থীৰ শ্রেণী আৰম্ভ হ’ব সেইসকল শিক্ষাৰ্থীহে থাকিব পাৰিব হোষ্টেলত।


হোষ্টেলৰ প্রতিগৰাকী আৱাসীয়ে দুই পালি ভেকচিন লোৱাটো বাধ্যতামূলক।এপালি ভেকচিন লোৱা শিক্ষাৰ্থীয়ে পাঠগ্রহণ কৰিব পাৰিব। ১৮ বছৰ উৰ্ধ্বৰ দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীক শ্ৰেণী কোঠাত উপস্থিত থকাৰ অনুমতি দিয়া হৈছে।
শ্ৰেণীসমূহৰ এটা শাখাত ৩০জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব।প্রয়োজন সাপেক্ষে শাখা বৃদ্ধি কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই।
শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ প্ৰথম ৩দিনত শিক্ষক,শিক্ষাৰ্থী,শিক্ষাকৰ্মীৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰ হ’ব।
বাকী সকলো শ্রেণীৰ বাবে অনলাইন শিক্ষাদানৰ ব্যৱস্থাই বাহাল থাকিব।

লগতে পঢ়ক আবাসগৃহ খালী কৰাৰ নিৰ্দেশক লৈ হাহাকাৰ কাগজ কলৰ আবাসীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply