কাইলৈৰ পৰা ৰাজ্যত নতুন SOP । নতুন SOP অনুসৰি কামৰূপ (মেট্ৰো) কোনো নিয়ম সাল-সলনি নহয় । ইয়াৰ লগতে পূৰ্বৰ দৰেই ৰাজ্যৰ ৮ খন জিলাত শিথিলতা অব্যাহত থাকিব । মাজুলী, চৰাইদেও, দক্ষিণ শালমৰা, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই জিলাকেইখনত বিয়লি ৪ বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সকলো কাৰ্যালয় খোলা থাকিব আৰু সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন থাকিব ।
ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, কাছাৰ আৰু শোণিতপুৰ জিলাত পূৰ্ণ দৃষ্টি থাকিব । পৰিস্থিতি নিয়ন্ত্ৰণ নহলে কঠোৰ আইন বলৱত কৰা হব । বাকী জিলাসমূহত নিয়ম একে থাকিব । দিনৰ ১২ বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সকলো কাৰ্যালয় খোলা থাকিব আৰু ১ বজাৰ পৰা সান্ধ্য আইন থাকিব ।
দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ। গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম। সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব। ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত সৰ্বাধিক ১০জনেহে ভাগ ল’ব পাৰিব।দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব ।
পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পয্যন্ত অন্ত:জিলা যাতায়ত বন্ধ থাকিব । ইতিমধ্যে ৰেড ডিষ্ট্ৰিক অন্তৰ্ভুক্ত জিলাকেইখনৰ সন্দৰ্ভত অহা বুধবাৰে অনুষ্ঠিত হব লগা কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক টকিঅ’ অলিম্পিকত নতুন ইতিহাস ৰচনা কৰিব নিউজিলেন্ডৰ ল’ৰেল হাবাৰ্ডে