ভোগালী বিহুক লৈ সান্ধ্য আইনত কিছু শিথিলতা আনিছে। উৰুকাৰ নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাত সান্ধ্য আইন আৰম্ভ হ’ব। বিপৰীতে পুৱা ৬ বজাৰ পৰিৱৰ্তে ৪ বজাতে শেষ হ’ব সান্ধ্য আইন।
মাঘ বিহুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ভেলাঘৰত কোনোপধ্যে থাকিব দিয়া নহ’ব। ভেলাঘৰত ক’ভিড হ’লে অসমীয়া যুৱকৰ হে হ’ব। যিসকলে ভেলাঘৰত থকাৰ সমৰ্থন কৰে তেওঁলোক অসমবিৰোধী।”
দুদিনৰ পূৰ্বে ধেমাজিৰ ডিমৌ নদীৰ পাৰত আয়োজিত ‘প্ৰীতি বনভোজ’ৰ নামত বিজেপি- ধেমাজি জিলাৰ বিষয়ববীয়া, মৰ্চা সমিতিৰ বিষয়ববীয়া, মণ্ডল সমিতিৰ সভাপতি/সভানেত্ৰীৰ লগতে বিষয়ববীয়া আৰু কাৰ্যকৰ্তা, মণ্ডল সমিতিৰ অন্তৰ্গত শক্তিকেন্দ্ৰৰ বিষয়ববীয়া, মিচিং-দেউৰী-ঠেঙাল কছাৰী- সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, ধেমাজি জিলা পৰিষদৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যা, বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু সদস্য-সদস্যা আদিৰ উপস্থিতিত বৰভোজৰ আয়োজন কৰাৰ বাবে সকীয়নি মন্ত্ৰী ৰণোজ পেগুক। কোভিড নীতি ভংগ কৰি বৰভোজৰ আয়োজন কৰা কাৰ্যকো সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। আপুনি মাছ খোৱালে নে বিহ খুৱালে, বিজেপিৰ বৰভোজক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ।