গুৱাহাটী : সান্ধ্য আইনকলৈ ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি ঘোষণা। সান্ধ্য আইনকলৈ ঘোষণা কৰা এই নতুন এছ অ’ পি অনুসৰি ৭ খন জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব।
১ বজাত বন্ধ, ২ বজাত সান্ধ্য আইন কোনো জিলাত নাথাকিব। অহা বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।

ৰাজ্যৰ ক’ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰে নতুন এছ অ’ পি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে কয় যে অহা বুধবাৰৰ পৰা নতুন এছ অ’ পি প্ৰযোজ্য হ’ব। ৭ খন জিলাৰ বাহিৰে সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব। ১ বজাত বন্ধ কৰি ২ বজাৰ পৰা সান্ধ্য আইন নহ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

কোনো জিলাত ১০০ তকৈ অধিক সংক্ৰমণ হ’লে সেই জিলাখনত লকডাউন ঘোষণা কৰা হ’ব আৰু
গুৱাহাটীত ২৫০ তকৈ অধিক সংক্ৰমণ হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। শেহতীয়া কৰ’না সংক্ৰমণ বৃদ্ধিৰ কাৰণ চুলাই মদ বুলি অভিভাৱক মন্ত্ৰীৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে সেইহে সকলো চুলাই মদৰ ঘাটি ভাঙি পেলোৱাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক :  টীয়কত ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ তৎপৰতা

ইফালে আজিৰ বিশেষ কেবিনেটত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনজাতিৰ বিশ্বাস, পৰম্পৰা আৰু সংস্কৃতিৰ সুৰক্ষা তথা উন্নয়নৰ লক্ষ্যৰে ‘Department of Indigenous Faith & Culture’ শীৰ্ষক এটা নতুন স্বতন্ত্ৰ বিভাগ স্থাপনৰ লগতে বিত্তীয় প্ৰশাসন ব্যৱস্থাটো সংস্কাৰৰ বাবে কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। নৱগঠিত অসম চৰকাৰৰ আজি দুটা মাহ সম্পূৰ্ণহোৱাৰ এই শুভক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ প্ৰতিজন মন্ত্ৰী তথা বিধায়কলৈ অলেখ শুভকামনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply