মানকাচৰ : বুধবাৰে দুপৰীয়া ২ বজাৰ পিছত সম্পূৰ্ণ বন্ধ হৈ পৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দোকান-পোহৰ। সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰতো ২ বজাৰ পিছত দোকান-পোহৰ বন্ধ হৈ পৰা পৰিলক্ষিত হয়। ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে ঘোষণা কৰা নতুন এছ অ পি অনুসৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ২ বজাৰ পিছত বন্ধ হৈ পৰে সকলো দোকানা-পোহাৰ।

ৰাজ্যৰ শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰিছে নতুন এছ অ পি। চৰকাৰৰ এই নতুন এছ অ পি অনুসৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত দুপৰীয়া ২ বজাৰ পিছত ৰাজ্য চৰকাৰৰ নতুন এছ অ পিৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ২ বজাৰ লগে লগে জিলাখনৰ প্ৰতিখন বজাৰত ব্যৱসায়ী সকলে দোকান-পোহাৰ বন্ধ কৰাৰ লগতে প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰে।

কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে দেশজুৰি তাণ্ডৱ চলাই থকাৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ১৬০ জন লোক কভিডত আক্ৰান্ত হৈছে। ইয়াৰে ৩০ জন লোক ইতিমধ্যে সুস্থ হৈ উঠাৰ পৰিবৰ্তে ১৩০ জন লোক বর্তমানেও আক্ৰান্ত হৈ আছে। আক্ৰান্ত সকলৰ ভিতৰত দুজন হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১২৮ জন হোম আইছুলেশ্বনত আছে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাইজে এতিয়া ঘৰৰ পৰা বাহিৰত ওলাই আহোতে মুখত মাক্স পৰিধান কৰি ওলোৱা দেখা যায়। অৱশ্যে যি সকল লোক এতিয়াও মাক্স পৰিধান নকৰে তেওঁলোকক ১০০০ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থাও কৰা হৈছে। জিলাখনৰ অধীনত থকা প্ৰতিজন লোক চৰকাৰৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰে জিলাবাসীক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply