নিউজ ডেস্কঃ কোভিড সন্দৰ্ভত দেওবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন SOP ।

ৰাজ্যৰ ৭ খন জিলাৰ কোভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰি অধিক কঠোৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক ইংগিত প্ৰদান কৰিছে। যোৰহাট, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড় আৰু নগাঁও জিলাক লৈ নতুন SOPত গ্ৰহণ কৰিব পাৰে কঠোৰ সিদ্ধান্ত।

মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ৰাজ্যৰ যিমান সংখ্যক কোভিড আক্ৰান্ত আছে ইয়াৰে ৫০ শতাংশতকৈ অধিক এই ৭ খন জিলাৰ ।

লগতে পঢ়কঃচিৰদিনৰ বাবে বন্ধ হ’ব গুৱাহাটী মহাগনগৰীৰ সকলো বিলাক হুকা বাৰ

এই জিলাকেইখনৰ পৰিস্থিতি অতি চিন্তনীয়। জিলাকেইখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে।

বিশেষকৈ যোৰহাট আৰু গোলাঘাটৰ পৰিস্থিতি অধিক চিন্তনীয় হৈ পৰিছে ।

যোৰহাটত লক ডাউন কিছু পৰিমাণে শিথিল।গেলামালৰ দোকান পূৱা ৮ বজাৰ পৰা ৩ বজালৈ খোলা থাকিব।শাক পাচলি ,ফল মূল দোকানতহে বিক্ৰী কৰিব পাৰিব।

শাক পাচলি বজাৰ,ফলমূলৰ বজাৰ খুলিব নোৱাৰিব।খাদ্য সামগ্ৰীৰ পাইকাৰী দোকান পূৱা চাৰি বজাৰ পৰা তিনি বজালৈকে খুলিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply