গুৱাহাটীঃ  উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মাজত ৰে’ল যোগাযোগ অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটী-লামডিং-গুৱাহাটী এক্সপ্ৰেছৰ সেৱা নাগালেণ্ডৰ শোখুভিলৈ আৰু আনফালে মেঘালয়ৰ মেন্দিপাথাৰলৈকে সংযোগ কৰাৰ সিদ্ধান্ত লৈছে।

বিশেষ এই ৰে’লখন ১৪ অক্টোবৰ পুৱা ১১:২০ বজাত গুৱাহাটীৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ফ্লেগ অফ কৰিব। এই নতুন সেৱাই উত্তৰ-পূবৰ তিনিখন ৰাজ্য – অসম, মেঘালয় আৰু নগালেণ্ডক সংযোগ কৰিব।

মেন্দিপাথাৰ-গুৱাহাটী এই বিশেষ ৰেলখন প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে দুপৰীয়া ১২:৩০ বজাত মেন্দিপাথাৰৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই আবেলি ৪:৪০ বজাত গুৱাহাটীত উপস্থিত হ’ব। ৰেলখন গুৱাহাটীৰ পৰা সন্ধিয়া ৫ বজাত পুনৰ ৰাওনা হ’ব আৰু একেদিনাই নিশা ১১.৫৫ বজাত শোখুভিত উপস্থিত হ’ব।

শোখুভি-গুৱাহাটী বিশেষ ট্ৰেইনখন প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে পুৱা ৫:৩০ বজাত শোখুভিৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই পুৱা ১১:১০ বজাত গুৱাহাটীত উপস্থিত হ’ব। একেখন ৰে’ল প্ৰতি বুধবাৰে আৰু সোমবাৰে দুপৰীয়া ১২:৪৫ বজাত গুৱাহাটীৰ পৰা আবেলি ৪:৫০ বজাত মেন্দিপাথৰত উপস্থিত হ’ব।

শোখুভি-গুৱাহাটী যাত্ৰী বিশেষ ৰেলখন প্ৰতি বুধবাৰে আৰু শুকুৰবাৰে পুৱা ৫.৩০ বজাত শোখুভিৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই পুৱা ১১.১০ বজাত গুৱাহাটীত উপস্থিত হ’ব। প্ৰতি বুধবাৰে আৰু সোমবাৰে দুপৰীয়া ১২:৪৫ বজাত ৰেলখন গুৱাহাটীৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই আবেলি ৪:৫০ বজাত মেন্দিপাথৰত উপস্থিত হ’ব।

গুৱাহাটী-লামডিং যাত্ৰী বিশেষ ৰেলখন প্ৰতি শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ৫ বজাত গুৱাহাটীৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা ৯.৪০ বজাত লামডিঙত উপস্থিত হ’ব। লামডিং-গুৱাহাটী যাত্ৰী বিশেষ ৰেলখন প্ৰতি শনিবাৰ, দেওবাৰ আৰু সোমবাৰে পুৱা ৭ বজাত লামডিঙৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই পুৱা ১১.১০ বজাত গুৱাহাটীত উপস্থিত হ’ব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময় আইআৰচিটিচি আৰু এনটিইএছ ৱেবছাইটত প’ষ্ট কৰা হৈছে আৰু বিভিন্ন বাতৰি কাকত আৰু এনএফ ৰেলৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত জাননী দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply