গুৱাহাটী : লামডিংৰ পৰা ডিমা হাচাওৰ হাফলংলৈ চলাচল কৰা ‘হিল কুইন’ নামৰ ৰে’লখন এতিয়া নাই। ‘হিল কুইনে’ৰে হাফলংলৈ যাত্ৰা কৰা লোক সকলে ‘হিল কুইন’ৰ অভাৱ নিশ্চয়কৈ অনুভৱ কৰিছে। ‘হিল কুইন’ৰ পৰিবৰ্তে এতিয়া আপুনি অন্য এখন ৰে’লেৰে হাফলংৰ আমোদজনক যাত্ৰা কৰিব পাৰিব।
শনিবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ডিমা হাচাওৰ হাফলংলৈ যাত্ৰা আৰম্ভ কৰিলে ‘ভিষ্টাড’ম’ ৰে’ল। পুৱা ৬ বাজি ৩৫ মিনিটত হাফলংলৈ যাত্ৰা আৰম্ভ কৰিলে ০৫৮৮৮ নম্বৰৰ ‘ভিষ্টাড’ম’ ৰে’লখন। গুৱাহাটী ৰে’ল ষ্টেচনত মন্ত্ৰী বিমল বৰাই ফ্লেগ অফ কৰে এই ‘ভিষ্টাড’ম’ ৰেলখনৰ। গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাও উপস্থিত থাকে এই অনুষ্ঠানত।
হাফলংলৈ ‘ভিষ্টাড’ম’ ৰে’লৰ যাত্ৰাই অসমৰ ৰে’ল পৰ্যটন উদ্যাগত আজি এক নতুন আৰু অতিকৈ উল্লেখযোগ্য অংশ সংযোগ কৰিলে। গুৱাহাটীৰ পৰা নিউ হাফলংলৈ চলাচল কৰিবলগীয়া ভিষ্টাড’ম ডবাযুক্ত এই বিশেষ ৰে’লখনে হাফলং পাবলৈ সময় ল’ব প্ৰায় ৫ ঘন্টা।
৫ ঘণ্টাজোৰা এই যাত্ৰাত ৰে’লখনেৰে যাত্রা কৰা লোকসকলে উপভোগ কৰিব পাৰিব পাহাৰীয়া জিলাখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য। এই বিশেষ ৰে’লখনৰ চাৰিওফাল কাঁছেৰে নিৰ্মান কৰাৰ বাবে ৰে’লখনৰ যাত্ৰী সকলে হাফলংলৈ যোৱা পথত থকা ডিমা হাচাওৰ পাহাৰ, পৰ্বত, নদী, নিজৰা সকলো নান্দনিক দৃশ্য উপভোগ কৰাৰ সুবিধা লাভ কৰিব।
অসমত পৰ্যটনৰ সীমাহীন সম্ভাৱনীয়তা আছে। বিশেষকৈ গুৱাহাটীৰ পৰা হাফলংলৈ বিস্তৃত অঞ্চলটো অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, যি বিশ্বৰ পৰ্যটকক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰিব। লগতে, অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ ভিষ্টাড’ম ডবাযুক্ত ৰে’লসেৱাৰ সংযোজনে অসমৰ পৰ্যটন উদ্যোগক অধিক শক্তিশালী কৰিব বুলি মন্ত্ৰী বিমল বৰাই আশা প্ৰকাশ কৰে।
মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ বাবে সদায় পৰ্যটকত আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসমৰ পাহাৰীয়া জিলা পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ বহু সম্ভাৱনা আছে। ৰে’ল পৰ্যটনৰ ক্ষেত্ৰত আজি মুকলি কৰা এই বিশেষ ৰে’লখনেও ডিমা হাচাওৰ পৰ্যটন উদ্যোগখনক নতুন মাত্ৰা প্ৰদান কৰিব কিন্তু ই কিমান দূৰ সফল হ’ব এইয়া এক ডাঙৰ প্ৰশ্ন।
লগতে পঢ়ক : বছৰৰ প্ৰথমটো বানত জলমগ্ন মাজুলীৰ ২০ খনৰ অধিক গাওঁ
এসময়ৰ অশান্ত ডিমা হাচাও সময়ৰ লগে লগে শান্তিৰ দিশত আগুৱাই যাবলৈ যাত্রা আৰম্ভ কৰিছিল মাত্ৰ এই যাত্রাত পুনৰ ৰৈ যোৱাৰ এক পৰিৱেশ সৃষ্টি হৈছে জিলাখনত। বৃহস্পতিবাৰে নিশা ডিমা হাচাওত উগ্ৰপন্থী সংগঠনৰ ট্ৰাকৰ ওপৰত গুলী চালনা কৰি অগ্নি সংযোগ কৰা ঘটনাই ডিমা হাচাওৰ পৰ্যটনক আগুৱাই যোৱাত বাধা প্ৰদান কৰাটো নিশ্চিত।