মানকাচ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ চহৰৰ মাজমজিয়াত থকা জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাৰোৱাৰী যুৱ মঞ্চ মানকাচৰ শিখৰ শাখাৰ উদ্যোগত এখন নতুন ভেকচিন চেণ্টাৰ মুকলি কৰা হয়। মাৰোৱাৰী যুৱ মঞ্চ মানকাচৰ শিখৰ শাখাৰ সভানেত্ৰী প্ৰাচী হাৰলালকাৰ নেতৃত্বত ভেকচিন চেণ্টাৰখন মুকলি কৰা হয়।
ভেকচিন চেণ্টাৰ মুকলি অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা টীকাকৰন বিষয়া ডাক্তৰ চিৰাজুল ইছলাম, কাকৰিপাৰা জিলা পৰিষদৰ সদস্যা হাছিনা ইছলামসহ মাৰোৱাৰী যুৱ মঞ্চ মানকাচৰ শিখৰ শাখাৰ কৰ্মকর্তা সকল। কাকৰিপাৰা পৰিষদৰ সদস্যা
হাছিনা ইছলামে ৰঙা ফিতা কাটি ভেকচিন চেণ্টাৰখন মুকলি কৰে।
আৰু পঢ়কঃ দুই থানাৰ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী
এই ভেকচিন চেণ্টাৰৰ দ্বাৰা মানকাচৰ চহৰৰ সকলো প্ৰকাৰৰ লোক অতি সহজে ভেকচিন লাভ কৰিবলৈ সুযোগ লাভ কৰিব বুলি জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে মন্তব্য কৰে। ক’ভিড ভেকচিনৰ হাৰ দেশৰ ভিতৰতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সৰ্বনিম্ন হোৱাৰ ফলত মাৰোৱাৰী যুৱ মঞ্চ মানকাচৰ শিখৰ শাখা বিশেষ ব্যৱস্থা হাতত লৈছে। যি সকল লোক এই ভেকচিন চেণ্টাৰত ভেকচিন লবলৈ আহিব তেওঁলোকক চাউল বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।