লখিমপুৰঃ লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ত আজৱ ঘটনা। নিশাৰ ভিতৰতে সলনি হ’ল নৱজাতক। শনিবাৰে চিকিৎসালয়খনত লখিমপুৰৰ ঘাৰমৰাৰ ছায়ামণি দাস নামৰ প্ৰসূতি এগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান, কিন্তু পুৱা শুই উঠি দেখে মাতৃৰ কোলাত আছে এটি কন্যা শিশু। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শিশু মাৰু মাতৃ বিভাগত নৱজাতক শিশু সালসলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে নৱজাতকৰ পৰিয়ালে।

ইফালে চিকিৎসক আৰু নাৰ্ছৰ মতে প্ৰসূতিয়ে জন্ম দিছিল ল’ৰা সন্তান। চিকিৎসক আৰু নাৰ্ছে নৱজাতক শিশুটি ল’ৰা বুলি পৰিয়ালক জনাই চমজাই দিয়াৰ পিছত পুৱা কন্যা সন্তান দেখি শিশু সালসলনি কৰাৰ অভিযোগ পৰিয়ালৰ। এই ঘটনাক লৈ এতিয়া সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। দায়িত্বত থকা চিকিৎসক-নাৰ্ছক নিলম্বনৰ দাবী জনাইছে দল-সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply