নিউজ ডেস্কঃ গুৱাহাটীত মঙলবাৰে বিয়লি প্ৰায় চাৰিমান বজাত অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া উপস্থিত হয়হি। ৰাজস্থানৰ জয়পুৰৰ পৰা বিশেষ বিমানেৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়।
দুই এদিনৰ ভিতৰতেই অসমৰ নৱনিযুক্ত ৰাজ্যপাল জনে ৰাজ্যখনৰ মহামহিম হিচাপে শপত গ্ৰহণ কৰিব ।
কাটাৰিয়াক বিমানবন্দৰত মন্ত্ৰী অতুল বৰা, ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, ঊৰ্খাও গৌৰা ব্ৰহ্ম, বিমল বৰা, ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া লগতে অসম চৰকাৰ মুখ্য সচিব, আৰক্ষী, সামৰিক, অৰ্ধসামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনাই।
জানো আহক অসমৰ নৱনিযুক্ত ৰাজ্যপাল গৰাকীৰ বিষয়ে কিছু কথা-
বৰ্তমান ৰাজ্যপাল হোৱা কাটাৰিয়া কেইদিনমান আগৰলৈকে তেওঁ ৰাজস্থানৰ বিৰোধী দলৰ দলপতি হিচাপে সক্ৰিয়তাৰে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল। কাটাৰিয়াই নিজৰ কেৰিয়া হিচাপে এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিচাৰে আৰম্ভ কৰিছিল। সেই সময়তেই তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্পৰ্শলৈ আহে।
ৰাজনীতি জীৱনত ৪০ বছৰে বিজেপিত সক্ৰিয়তাৰে কাৰ্যনিৰ্বাহ কৰি আছে। বিধায়ক হিচাপে আঠবাৰ নিৰ্বাচিত হোৱাৰ লগতে উদয়পুৰ সংসদীয় সমষ্টিৰ পৰাও প্ৰতিনিধিত্ব কৰিছে।