পঞ্চদশ বিধান সভাৰ অধ্যক্ষৰূপে আজি দায়িত্ব দিলে বিশ্বজিৎ দৈমাৰীয়ে। শুকুৰবাৰে বিধানসভাত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল দৈমাৰী। বিশ্বজিৎ দৈমাৰীয়ে দাখিল কৰা তিনিওখন মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে।

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিধানসভাৰ প্রধান সচিবৰ হাতত বিশ্বজিৎ দৈমাৰীয়ে অধ্যক্ষ হিচাপে মনোনয়ন দাখিল কৰিছিল ৷ মিত্রজোঁট তথা শাসকীয় দলৰ প্রার্থী ৰূপে বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন দাখিলৰ বিপৰীতে বিৰোধীয়ে অধ্যক্ষ পদৰ বাবে কাকো প্রক্ষেপ নকৰাৰ বাবে বিনা প্রতিদ্বন্দ্বিতাৰে বিশ্বজিৎ দৈমাৰী অধ্যক্ষৰূপে নির্বাচিত হৈ দায়িত্ব গ্ৰহন কৰে । আনহাতে অধ্যক্ষগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই সদনৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাই। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অধ্যক্ষ হিচাপে দৈমাৰী সফল হ’ব বুলি মন্তব্য কৰে। ইয়াৰ লগতে শাসক-বিৰোধীৰ আন বহু লোকে নৱ নিৰ্বাচিত অধ্যক্ষ গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে শুকুৰবাৰে বিধান সভাত নৱ নিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণৰ পাছতেই অধ্যক্ষ নিৰ্বাচিত হয় বিশ্বজিৎ দৈমাৰী। তদুপৰি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী তথা বিপিএফৰ প্ৰাক্তন নেতাগৰাকীয়ে এইবাৰ বিধানসভাৰ নিৰ্বাচনত পানেৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছে।

উল্লেখ্য যে হোটেলত কাম কৰি পঢ়াৰ খৰছ উলিয়াইছিল নৱনিৰ্বাচিত অধ্যক্ষই । হাতী মাউতৰ পুত্ৰ আছিল বিশ্বজিৎ দৈমাৰী । হোটেলত কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল । ছয়গৰাকী ভাতৃৰ মাজত কনিষ্ঠ আছিল বিশ্বজিত দৈমাৰী ।লগতে পঢ়ক পিতৃক বিধানসভাৰ মজিয়াত শপত গ্ৰহণ লোৱাৰ ক্ষণত কি ক’লে পুত্ৰই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply