নিউজ ডেস্কঃ নতুনকৈ আত্মপ্ৰকাশ হোৱা “গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অর্গেনাইজেচন” ছজন সন্দেহজনক সদস্যক আৰক্ষীয়ে আটক কৰে। কোকৰঝাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে মঙলবাৰে নিশা(২১.০২.২০২৩) বিভিন্ন স্থানৰ পৰা সদস্য কেইজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা ৬ জন সদস্য ক্ৰমে গৌতম ৰায়, অভিজিৎ বশিষ্ঠ, সঞ্জীৱ ৰায়, মনোজ বৰ্মন, উত্তম ৰায় আৰু দ্বীপেশ ৰায় ।

GCLO অলপতে আত্মপ্রকাশ কৰিয়ে সামাজিক মাধ্যমত এটা ২৬ ছেকেণ্ডৰ ভিডিঅ’ প্ৰচাৰ কৰে। উক্ত ভিডিঅ’ত অস্ত্ৰ-শস্ত্ৰও প্ৰদৰ্শন কৰি কয় যে, KLO অধ্যক্ষ জীৱন সিংহৰ সৈতে আলোচনা ব্যর্থ হ’লে কোচ ৰাজবংশী যুৱক-যুৱতীসকলে পুনৰ হাতে হাতে অস্ত্ৰ তুলি সশস্ত্র সংগ্রাম চলাই যাব বুলি কৈছিল।

ইফালে, আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে ই বিষয়ে কয় যে, উগ্ৰপন্থাৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয়। গতিকে নতুন সংগঠনৰ জন্ম নিদি গণতান্ত্রিকভাৱে সমাধান হোৱাত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়। লগতে আৰক্ষীয়ে আটক কৰা যুৱক কেইজন উগ্ৰপন্থীৰ সৈতে জড়িত নহ’লে এৰি দিবলৈ আহ্বান জনাই।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply