বিশ্বনাথ : গহপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিহালীৰ এগৰাকী মহিলাৰ ৰহস্যজনক অৱস্থাত গহপুৰৰ স্বামী ঘৰত মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। মৃত মহিলাগৰাকীৰ পিতৃ গৃহৰৰ লোকে অভিযোগ কৰিছে যে স্বামীৰ পৰিয়ালৰ লোকে হত্যা কৰিছে মহিলা গৰাকীক।
ৰাজ্যত সম্প্ৰতি দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা। কণমানি, কিশোৰীৰ পৰা আৰম্ভ কৰি গাভৰু, বৃদ্ধা কোনোৱেই যেন সুৰক্ষিত নহয় এচাম বিকৃত মানসিকতাৰ লোকৰ পৰা। বিগত কিছুদিন ধৰি সংঘটিত হোৱা দুটাকৈ ধৰ্ষণকাণ্ডৰ ঘটনাই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে পুনৰ এগৰাকী নাৰী নিৰ্যাতন বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে।
শেহতীয়াকৈ, বিহালীৰ এগৰাকী মহিলাৰ গহপুৰ মহকুমাৰ গলচেপাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুণৰ প্ৰমাণ কৰিলে সমাজত নাৰী বৰ্তমান কিমান সুৰক্ষিত। তথ্য অনুসৰি, বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁৱৰ ৰানুমাই দাস ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল গহপুৰ মহকুমাৰ গলচেপাৰ মইনা বৰাৰ পুত্ৰ দিপক বৰাৰ সৈতে । কিন্তু বৃহস্পতিবাৰে দিনৰ প্ৰায় ১-৩০ বজাত স্বামীগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় ৰানুমাইৰ মৃতদেহ।
ৰানুমাই দাসৰ পিতৃ গৃহৰৰ পৰিয়ালৰ লোকে গহপুৰ আৰক্ষী থানাত বিবাহৰ কিছুদিন পিছৰে পৰা সম্পত্তি বিচাৰি স্বামী গৃহৰৰ লোকে ৰানুমাই দাসক শাৰীৰিক ও মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে। পিতৃ গৃহৰ পৰিয়ালৰ লোকৰ অভিযোগ যে, স্বামী গৃহৰ পৰিয়ালৰ লোকে মহিলা গৰাকীক নিম্নজাতিৰ বুলি কৈ বিভিন্ন প্ৰকাৰে মানসিক অত্যাচাৰ চলাই আহিছিল ।
ইফালে মহিলা গৰাকীৰ বৃহস্পতিবাৰে ৰহস্যজনক অৱস্থাত স্বামী গৃহত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে লোৱা নাই মহিলা গৰাকীৰ পিতৃ গৃহৰ লোকে। মহিলা গৰাকীক হত্যা কৰি হত্যাকাণ্ডৰ ঘটনাক স্বামী গৃহৰ পৰিয়ালৰ লোকে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি পিতৃ গৃহৰ লোকে অভিযোগ কৰি আৰক্ষীক ঘটনা সন্দৰ্ভত সঠিকভাৱে তদন্ত কৰাৰ দাবী জনাইছে