গুৱাহাটী : ৰাজ্যৰ সংবাদ জগতলৈ পুনৰ এক শোকবাহ খবৰ। কালৰূপী কভিডে কাঢ়ি নিলে ৰাজ্যৰ সংবাদ জগত এজন কৰ্মচাৰীক। সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ অসমৰ পৰিয়াললৈ এক শোকবাহ খবৰ আহিল শুকুৰবাৰৰ দিনটোত।
কভিড মহামাৰীয়ে সমগ্ৰ দেশতে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি তাণ্ডৱলীলা চলাই আছে। কভিডৰ দ্বিতীয়টো ঢৌৱে বেয়াকৈ প্ৰভাৱিত কৰিছে ভাৰতক। ভাৰতত প্ৰতিদিনে লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে কেইবা হাজাৰ লোক।
ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছিল যদিও বিগত কিছুদিন ধৰি বেয়াৰ ফালে গতি কৰিছে অসমৰ পৰিস্থিতি। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি।
শুকুৰবাৰৰ দিনটোতো কভিডে বেয়া খবৰ কঢ়িয়াই আনে ৰাজ্যবাসীৰ বাবে। বিশেষকৈ সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত ব্যক্তি সকলৰ বাবে আজিৰ দিনটো অতিকৈ শোকবাহ। আজিৰ দিনটোতে নিউজ ১৮ অসমত কৰ্মৰত এজন কৰ্মচাৰী কভিডত আক্রান্ত হৈ অকালতে মৃত্যুৰ মুখত পৰে।
নিউজ ১৮ অসমৰ কৰ্মচাৰী মনোজ কলিতা কভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। যোৱা বুধবাৰৰ পৰা মনোজ কলিতাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছিল। শুকুৰবাৰে অৱশেষত মনোজ কলিতাই শেষ নিশ্বাস ত্যাগ কৰি নিউজ ১৮ অসমৰ পৰিয়ালক এক শোকবাহ পৰিৱেশৰ মাজত এৰি যায়।