গুৱাহাটীঃ শাৰিৰীক ভাৱে অসুস্থ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ সাংবাদিক ৰাজু বৰুৱা। বৰ্তমান লিভাৰ চিৰোছিছত আক্ৰান্ত হৈ গুৱাহাটীৰ আয়ুৰসন্দ্ৰা হস্পিতালত চিকিৎসাধীন হৈ আছে সাংবাদিকগৰাকী। চিকিৎসকে জনোৱা অনুসৰি সাংবাদিক গৰাকীৰ তাৎক্ষণিক ভাৱে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব লাগিব।
যিহেতু গুৱাহাটীত সেই ব্যৱস্থা নাই সেয়ে এয়াৰ এম্বুলেঞ্চ যোগেৰে চেন্নাইলৈ নিব লাগিব ৰাজু বৰুৱাক। ৰাজু বৰুৱাৰ চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৪০ লাখ টকাৰ। বৰ্তমান পৰিয়ালটোক আৰ্থিক সহায়ৰ অত্যন্ত প্ৰয়োজন। যদি কোনো হৃদয়বান লোকে সাংবাদিক গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়াব বিচাৰে তেনেহ’লে তলত উল্লেখ কৰা এই একাউন্ট যোগে সহায়ৰ ধন আগবঢ়াব পাৰে।
RAJU BARUAH
SBI TEZPUR
AC— 32823336143
IFSC— SBIN0000195
Google pay No. 9706245425