গুৱাহাটীঃ এন এফ ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে তিনিদিনৰ ভিতৰত বিভিন্ন ষ্টেচনৰ পৰা উদ্ধাৰ কৰিছে ৩১জন নাবালক ল’ৰা-ছোৱালীক। উদ্ধাৰ কৰা নাবালককেইজনক তেওঁলোকৰ নিজ নিজ পিতৃ-মাতৃ/অভিভাৱক, চাইল্ডলাইন/এনজিঅ’ক সুৰক্ষিতভাৱে চমজাই দিয়ে।
উল্লেখ্য যে, ১৩ ছেপ্তেম্বৰত কাটিহাৰ ৰেল ষ্টেচনত মানৱ সৰবৰাহ, শিশু ভিক্ষাবৃত্তি আদিৰ বিৰুদ্ধে চলোৱা এক অভিযানত কাটিহাৰ (পূব)ৰ আৰপিএফে ৫ জন নাবালক ল’ৰাক উদ্ধাৰ কৰে।
একেদিনাই নিউ কোচবিহাৰ আৰপিএফে নিউ কোচবিহাৰ ৰেলষ্টেচনত মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত আৰপিএফে এজন নাবালকক উদ্ধাৰ কৰিছিল।নাবালকজন মানসিকভাৱে সুস্থিৰ নাছিল, কিছুদিন ধৰি ঘৰৰ পৰা সন্ধানহীন হৈ আছিল।
ইফালে ১২ ছেপ্টেম্বৰত সংঘটিত কেইবাটাও ঘটনাত আৰপিএফে বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা ৫ জন নাবালকক উদ্ধাৰ কৰে। কাটিহাৰ (পূব)ৰ আৰপিএফে কাটিহাৰ ৰে’ল ষ্টেচনত অভিযান চলাই থাকোতে ষ্টেচন এলেকাত ভিক্ষা বিচাৰি থকা ২ জন নাবালক ল’ৰাক উদ্ধাৰ কৰে। গুৱাহাটীৰ ৰে’লৱে সুৰক্ষাবাহিনী আৰু চাইল্ড লাইনৰ সহযোগত যুটীয়াভাৱে ২ জন নাবালকক উদ্ধাৰ কৰে।
তদুপৰি, এন এফ ৰে’লৱেৰ আৰপিএফে ২০২২ চনৰ ১০ আৰু ১১ ছেপ্টেম্বৰত কাটিহাৰ, আগৰতলা, হাচিমাৰা আৰু ফালাকাটা ষ্টেচনত চলোৱা বিভিন্ন অভিযানৰ সময়ত ১৯ জন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এই সন্দৰ্ভত ষ্টেচনত নিয়োজিত ৰেলৱে সুৰক্ষাবাহিনী আৰু কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়া হৈছে যাতে মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহজনক ব্যক্তিৰ লগতে সন্দেহজনক ভাৱে শিশুৰ চলাচল, অভিভাৱক অবিহনে অকলশৰে থকা শিশু আদিৰ ক্ষেত্ৰত অধিক সতৰ্ক হয়।
ৰেলৱে সুৰক্ষা বাহিনীয়ে “মেৰী চাহেলি”ৰ অধীনত এক নতুন পদক্ষেপ লৈছে। মহিলা/শিশুযাত্ৰীসকলে যিকোনো আকস্মিক পৰিস্থিতিৰ ক্ষেত্ৰত হেল্পলাইন নম্বৰ ১৩৯ কল কৰিব পাৰিব। এই সেৱা ২৪ঘন্টাই উপলব্ধ থাকিব।