কামপুৰঃ কোৰোনা মহামাৰীৰ মাজতে নগাঁৱৰ ৰাঙলু গড়াবাৰীত শোকাৱহ ঘটনা ৷ পথৰ কাষত থকা নলাত পৰি এটি ৬ বছৰীয়া শিশুয়ে কৰুণ মৃত্যুক আকোৱালি লয় ৷

নিহত শিশুটি হবিবুৰ ৰহমানৰ পুত্ৰ মক্সিদুল হক ৷ সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত হঠাৎ পথৰ কাষত থকা নলাত পৰি যায় শিশুটি ৷

আৰু পঢ়কঃবিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ দেহাৱসান

পিতৃ -মাতৃয়ে সকলোতে সন্ধান কৰিও শিশুটিৰ সন্ধান নাপায় ৷ অৱশেষত নলাটোৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ৷

শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ কঠিয়াতলী আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply