কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী গৰুবন্ধাৰ এগৰাকী মৰমলগা কিশোৰী। মনত তাইৰ দুৰ্বাৰ হেপাঁহ। তাইৰ সপোন বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজকে সংস্থাপিত কৰা। কিন্তু সপোনবোৰ বাস্তৱ কৰিবলৈ তাই যেন থমকি ৰবলগীয়া হৈছে।

কাৰণ নগাঁও মহাবিদ্যালয়ৰ বাণিজ্য শাখাত অধ্যয়নৰত কঠিয়াতলীৰ এই মেধাৱী ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে হাওঁফাওঁৰ জটিল ৰোগত।

কঠিয়াতলী গৰুবন্ধাৰ সদানন্দ বনিয়া আৰু জ্যোতি বনিয়াৰ সন্তান প্ৰিয়ংকা বনিয়াৰ হাওঁফাওঁত সৃষ্টি হৈছে ঘাঁ। পিতৃয়ে কোম্পানীত কাম কৰি পোৱা সামান্য টকা কেইটাৰে প্ৰিয়ংকাৰ চিকিৎসা কৰাই আহিছে যদিও কোনো সুফল পোৱা নাই ।

প্ৰিয়ংকাক সুস্থ কৰি তুলিবলৈ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে চেন্নাইত অস্ত্ৰোপ্ৰচাৰ কৰাৰ পৰামৰ্শ দিছে, যাৰ বাবে প্ৰয়োজন ৯ লক্ষাধিক টকাৰ ।

এতিয়া কোনোমতে দুবেলা দুসাঁজ খাই জীৱন নিৰ্বাহ কৰা পিতৃ মাতৃৰ মূৰত যেন সৰগ ভাঙি পৰিছে ।

সেয়েহে অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা হৃদয়ৱান লোকলৈ প্ৰিয়ংকাৰ লগতে পিতৃ মাতৃৰ কাতৰ অনুৰোধ, তাইৰ সপোনবোৰ বাস্তৱ কৰিবলৈ যেন আগবাঢ়ি আহে।

কোনোৱে যদি প্ৰিয়ংকাক সহায় কৰিব বিচাৰে তেন্তে SBI নগাঁও হয়বৰগাঁও শাখাৰ A/C= 37016413633
IFSC= SBIN0005914 ত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে । নাইবা 9746970823/ 9678155125 নম্বৰত যোগাযোগ কৰিব পাৰে ।

আৰু পঢ়কঃগছপুলি ৰোপণৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাৰে টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply