ৰাষ্ট্ৰীয় ঘাই পথৰ গাঁতত আবদ্ধ মালবাহী ট্ৰাক

স্মৃতি ৰেখা লাহন, টীয়ক: যোৰহাট বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কামত নিয়োজিত লিংক্কন এণ্ড ডিগনিটি ইনফ্ৰা প্ৰজেক্ট নামৰ নিৰ্মানকাৰী সংস্থাটোৰ নিম্নমানৰ কামৰ বাবেই এতিয়া চাৰিলেনযুক্ত পথচোৱা নিৰ্মানৰ পিচতে বিধস্ত হৈ পৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথনি উন্নয়ণ প্ৰাধিকৰণচমুকৈ এন এইচ আই ডি চি এলৰ তত্বাবধানত গেনন ডাংকলে এণ্ড কোম্পানী লিমিটেড নামৰ নিৰ্মানকাৰী সংস্থাটোৰ পৰা উপ ঠিকা লৈ লিংক্কন এণ্ড ডিগনিটি ইনফ্ৰা প্ৰজেক্ট নামৰ সংস্থাটোৱে উক্ত পথচোৱাৰ নিৰ্মানৰ কাম কৰিছিল। কিন্তু নিৰ্মানকাৰী সংস্থাটোৰ নিম্নানদণ্ডৰ কামৰ বাবেই এতিয়া পথটোৰ মেটেল বখলা বখলে এৰাই যোৱাৰ উপৰি বহু স্থানত দ’ গাঁতৰ সৃষ্টি হৈছে।

জিলাখনৰ জাঁজী হাঁহচৰাত ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মিত চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা এতিয়া যানবাহনৰ চলাচলৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে। পথৰ মাজৰ বৃহৎ গাঁত আৰু চপৰা চপৰে এৰাই যোৱা বিধস্ত পথত যানবাহনৰ চলাচল দুৰূহ হৈ পৰিছে। নিশাৰ ভাগত হাঁহচৰা দুৰ্গা পূজা মন্দিৰৰ সমীপত পথৰ মাজত থকা এটা গা‍ঁতত পৰি যোৰহাটৰ দিশে গৈ থকা ইউ.কে ১৮ চিএ ২৪৯৯ নম্বৰৰ মালবাহী ট্ৰাকখন পথৰ মাজতে আবদ্ধ হৈ পৰে। ফলত পথটো বন্ধ হৈ পৰে আৰু দুয়োদিশে কেইবা শতাধিক বাহন আবদ্ধ হৈ পৰে। অৱশ্যে পিছত আনটো লেনেৰে বাহন সমুহ চলাচলৰ সুবিধা কৰি দিয়া হয়।

ৰাষ্ট্ৰীয় ঘাই পথৰ গাঁতত আবদ্ধ মালবাহী ট্ৰাক

উল্লেখযোগ্য যে, উক্ত পথছোৱা আনহাতে সম্প্ৰতি নিৰ্মীয়মান চাৰিলেনযুক্ত পথটোৰ আনটো লেনেৰে যানবাহনৰ চলাচল হৈ আছে যদিও এই লেনটোৰো কিছু অংশ পূৰ্বেই বিধস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া যিকোনো সময়তে পথটোৰ দুয়োটা লেনতে যানবাহনৰ যাতায়ত বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ফলত অচিৰেই ব্যাহত হব উজনি নামনিৰ মাজৰ যাতায়ত ব্যৱস্থা।উল্লেখযোগ্য যে ট্ৰাক চালকজনে পথৰ দূৰৱস্থা দেখি পুনৰ অসমলৈ নাহো বুলি পণ লৈ বৰ্হি ৰাজ্যৰ পথ সমূহ চাই আহি অসমত পথ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিছে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক।

লগতে পঢ়ক দিৰিং নৈৰ পানীৰ কুলু কুলু শব্দই পৰ্যটকৰ আকৰ্ষণস্থলীত পৰিণত কৰি তুলিছে বাক্সাৰ এখন গাঁও

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply