নিউজ ডেস্ক: মধ্যপ্ৰদেশৰ খাণ্ডৱা ইন্দিৰা সাগৰ বান্ধৰ সমীপত নৰ্মদা জলবিদ্যুৎ উন্নয়ন নিগম লিমিটেডে নিৰ্মাণ কৰিব ৫২৫ মেগাৱাট পাম্পড ষ্ট’ৰেজ প্ৰকল্প।  

এই পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ জৰিয়তে উৎপন্ন হোৱা নবীকৰণযোগ্য শক্তি বৃদ্ধিৰ লগে লগে ৰাজ্যৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যাব। এই প্ৰকল্পৰ জৰিয়তে ১২২৬.৯৩ মিলিয়ন ইউনিট শক্তি উৎপাদন হ’ব।

এই প্ৰকল্পৰ বাবে ৪২০০ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।  মধ্য প্ৰদেশ চৰকাৰৰ নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগে এই প্ৰকল্পটো এন এইচ ডি চি লিমিটেডক আবণ্টন দিছে।

এন এইচ ডি চিয়ে সেউজ শক্তি উৎপাদনৰ জৰিয়তে ৰাজ্যখনক সেউজ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। ঐতিহাসিক চহৰ ছানচীত ৮ মেগাৱাট সৌৰ প্ৰকল্প আৰু ওমকাৰেশ্বৰ জলাশয়ত ৮৮ মেগাৱাট ভাসমান সৌৰ প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply