নিউজ ডেস্কঃ কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অসমত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন।
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে কিছুমান জৰুৰীকালীন সেৱাক ৰেহাই দি অসমত ২৭ এপ্ৰিলৰ পৰা অহা ১ মে’ পৰ্যন্ত বলৱৎ হৈ থকা নৈশ সান্ধ্য আইনৰ ম্যাদ শুকুৰবাৰে ৭ মে’লৈ বৃদ্ধি কৰে।
শুকুৰবাৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰে এক নিৰ্দেশনা।
পূৰ্বে নৈশ সান্ধ্য আইন ১ মে’ত অন্ত পৰাৰ কথা আছিল।
এই সান্ধ্য আইন সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে বলৱৎআছে।
নৈশ সান্ধ্য আইনৰ সময়চোৱাত অসম চৰকাৰ/ভাৰত চৰকাৰৰ বিষয়া/কৰ্মচাৰীসকল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা প্ৰতিষ্ঠান, আৰক্ষী, কাৰাগাৰ, গৃহকৰ্মী, জৰুৰী সেৱাৰ লগত জড়িত,ন্যায়িক তথা আদালতৰ বিষয়া-কৰ্মচাৰী ৰেহাই দিয়া হৈছে অৱশ্যে সকলোৱে লগত পৰিচয় পত্ৰ ৰাখিব লাগিব।
গৰ্ভৱতী মহিলা আৰু ৰোগীকো ৰেহাই দিয়া হৈছে।
আন্তঃৰাজ্যিক পৰিবহনো অব্যাহত থাকিব বুলি কোৱা হৈছে।
বিমান আৰু ৰে’ল যাত্ৰীসকলে ৰে’লৱে ষ্টেশ্যন, বিমানবন্দৰ আদিলৈ টিকট প্ৰদৰ্শন কৰি যাব পাৰিব।
সংবাদ মাধ্যমৰ সৈতে জড়িত সকলেও পৰিচয় পত্ৰ দেখুৱাই অহা যোৱা কৰিব পাৰিব।
আন্তঃ জিলা আৰু আন্তঃ ৰাজ্যিক অত্যাৱশকীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত উক্ত বাধা আৰূপ কৰা হোৱা নাই।
বেংক, পেট্ৰল পাম্প, ৰন্ধন গেছ, জৰুৰীকালিন খাদ্য সামগ্ৰী কঢ়িওৱা গাড়ী, ফাৰ্মাচি ইঞ্চুৰেঞ্চ, ATM সেৱাৰ সৈতে জড়িতসকলৰ ক্ষেত্ৰত বাধা আৰূপ কৰা হোৱা নাই।
ক’ভিডৰ টীকাকৰণৰ বাবে যোৱা লোকসকলক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।
ই-কমাৰ্চৰ জৰিয়তে খাদ্য, ঔষধ, চিকিৎসাৰ সামগ্ৰীৰ ডেলিভাৰী চলি থাকিব।
পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অহা ৭ মে’লৈকে এই নিৰ্দেশনা ৰাজ্যত বলৱৎ হৈ থাকিব ।