গুৱাহাটীঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা।
দুপৰীয়া ১২বজাত বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰ। পূৰ্বতে এই সময়সীমা আছিল পুৱা ১১ বজা। ইফালে ১বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।পূৰ্বতে এই সময়সীমা আছিল দুপৰীয়া ১২বজাৰ পৰা। ।
এতিয়াৰে পৰা দিনৰ ১বজাৰ পৰা পুৱা ৫বজালৈ বাহাল থাকিব সান্ধ্য আইন।
আৰু পঢ়কঃ বিনামূলীয়াকৈ সকলোকে কোভিড ভেকচিন প্ৰদান কৰিবলৈ আহ্বান চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ
পূৰ্বৰ দৰে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। ১৫ জুনলৈ বন্ধ থাকিব আন্তঃ জিলা যাতায়ত। বন্ধ থাকিব চৰকাৰী আৰু ব্যক্তিগত কাৰ্য্যালয়।
৬ জুনৰ পৰা ১৬জুনলৈ জাৰি কৰা হৈছে এই নতুন এছঅ’পি।