সোণাৰি : চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ পল বৰুৱাই জাৰি কৰা এক নিৰ্দেশযোগে জিলাখনৰ সীমাঞ্চলৰ ৫ কিলোমিটাৰ পৰিসৰত সান্ধ্য আইন প্ৰৱৰ্তন কৰা হৈছে। জিলাখনৰ আন্তঃৰাজ্যিক সীমান্তৰ চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীন ভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে সান্ধ্য আইন।
সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰিছে এক নিৰ্দেশনা যোগে। এই আদেশ পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব।

অৱশ্যে, কৰ্মত নিয়োজিত দণ্ডাধীশসকল, সেনা, চি আৰ পি এফ, আৰক্ষী আৰু অসামৰিক বিষয়াসকলক এই আদেশৰ আওতাৰ বাহিৰত ৰখা হৈছে।

নৈশ সান্ধ্য আইন জাৰি কৰা অঞ্চলসমূহ হৈছে ক্ৰমে অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ নামতোলা,
সাপেখাতী আৰু সোণাৰি আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ আৰু
অসম- অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ সাপেখাতী, বৰহাট, চৰাইপুং আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ ।

এই আদেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ১৮৮ ধাৰাৰ অনুসৰি আইন মতে দণ্ডনীয় হ’ব।

লগতে পঢ়ক- লখিমপুৰত জিলাৰ দুলুং বনাঞ্চলত বায়ুসেনা বাহিনীৰ যুদ্ধ আখৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply