সোণাৰি : চৰাইদেউ জিলাৰ অসম- নাগালেণ্ড আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত ১৪৪ ধাৰাৰ অধীনত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । চৰাইদেউ জিলাৰ অতিৰিক্ত দণ্ডাধীশ মৌচুমী চেতিয়াই জাৰি কৰিলে এই ঘোষণা। চৰাইদেউ জিলাৰ আন্ত:ৰাজ্যিক সীমান্ত অঞ্চলৰ ৫ কি: মি: পৰিসৰত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন।
অসম-নগালেণ্ড আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন।
সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। ই পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব বুলি এক আদেশযোগে জনাইছে।
অৱশ্যে দণ্ডাধীশসকল, সেনা, চি আৰ পি এফ, আৰক্ষী, অসামৰিক বিষয়াসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই ।
সান্ধ্য আইন জাৰি কৰা অঞ্চল সমূহ হৈছে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ নামতোলা, সাপেখাতী আৰু সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ আৰু অসম- অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ সাপেখাতী, বৰহাট, চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ ।
আইন শৃংখলা অটুত ৰাখিবলৈকে সান্ধ্য আইন জাৰি কৰা হৈছে।
এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে আই পি চি ৰ ১৮৮ ধাৰা অনুসৰি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।