নিমাতী : এদিন দুদিনকৈ শেষ হ’বলৈ মাত্ৰ কেইটামান দিন থকা বছৰটোৰ শেষৰ দেওবাটোত নিমাতী ঘাটত পুৱতি নিশাৰে পৰা বনভোজৰ লানি নিছিগা ভীৰ। বাৰিষা ব্ৰহ্মপুত্ৰৰ ফেনেফুটুকাৰে ওফন্দি অহা আৰু দুখে কুলাই পাচিৰে নধৰা স্থানসমূহতে খৰালী শুকুলা বালিময়হৈ পৰা প্ৰকৃতিক পৰিৱেশলৈ বিভিন্ন স্থানৰ পৰা ঢাপলি মেলে বনভোজ প্ৰেমী দল৷ চাৰিওফালে মনোমোহা পৰিৱেশত সকলোৱে যান্ত্ৰিক জীৱনৰ অৱসান ঘটাই এদিন আহে দূৰ দূৰনিৰ পৰা মনক প্ৰশান্তি দিবলৈ৷ নিজৰ মনে মিলা লগৰি বোৰৰ লগত হাঁহি ধেমালিৰে দিনৰ দিনটো ওমলেহি দূৰ দূৰনিৰ পৰা অহা বালক, বৃদ্ধ বনিতা পৰা বিভিন্ন বয়সৰ সীমা নথকা যাত্ৰী সকলে ব্ৰহ্মপুত্ৰ শুকুলা বালিলৈ৷

এফালে ব্ৰহ্মপুত্ৰৰ পানীত নৌকা বিহাৰ আনফালে নল বিৰিনা কহুঁৱাৰ মাজে মাজে জাকে জাকে গোটখাই হাঁহি ধেমালিৰে মুখৰিত কৰি তুলিছে নিমাতী পাৰঘাটটোত৷ নদী, বিলৰ মাজে মাজে পৰিভ্ৰমী পখীৰ বিভিন্ন সুললিত মাত আনফালে ডেকা গাভৰু বিহু নামৰ কিৰিলি পৰা আনন্দ শব্দ যেন সোণত সুৱগা চৰাইছেহি৷ এনেদৰে বিগত বৰ্ষৰ দৰেই বিভিন্ন স্থানৰ পৰা মনৰ আনন্দ আবেগ অনুভূতি হেপাঁহ পেলাবলৈ আৰু লগে ভাগে এসাজ খালৈ কিমান যে তালি তোপোলা বান্ধি উপস্থিত হয়হি নিমাতীৰ প্ৰকৃতিক পৰিৱেশত৷

লগতে পঢ়ক  : জাতিৰ পিতাক অশ্লীল ভাষাৰে অপমান কৰা হিন্দু ধৰ্মগুৰুৰ বিৰুদ্ধে গোচৰ ৰুজু

সেয়েহে সকলোৱে পাহৰি যায় এদিনলৈ হলেও যান্ত্ৰিকতাৰ মনৰ দুখৰ বেদনা৷ উদুলিমুদুলি পৰিৱেশত দিনটো বিভিন্ন স্থানৰ পৰা অহা বনভোজকাৰী সকল সুকলমে দিনটো কটাইছে৷ এনেদৰে উত্তৰ যোৰহাটৰ নিমাতী অঞ্চলতো উলহ মালহে হাজাৰ হাজাৰ বনভোজ দল সমূহে বছৰৰ শেষৰ দিনকেইটাত আনন্দ লৈছেহি৷ একাংশ লোকে নববষৰ নামত ৰাগিয়াল দ্ৰব্য সেৱন কৰি পৰিৱেশ বিনষ্ট কৰে। এনে ঘটনা সংঘটিত নহ’বৰ বাবে সকলো লোকৰ চেষ্টা অব্যাহত থাকে লগত আৰক্ষী অধিক মোটায়ন কৰিবলৈ সচেতন ৰাইজে দাবী কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply