ডিব্ৰুগড়: মাওবাদীৰ সৈতে সম্পৰৰ্ক থকাৰ দাবী কৰা ৯ জন লোকে ‘আত্মসমৰ্পণ’ৰ বাবে অসম চৰকাৰৰ কাষ চাপিছে, বৃহস্পতিবাৰে ৰাজ্যৰ এজন আৰক্ষী বিষয়াই কয়।
ইয়াৰে এজনৰ বিৰুদ্ধে বিদ্ৰোহী বাওঁপন্থী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে যদিও বাকী কেইজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত তেনে কোনো তথ্য নাই বুলি বিষয়াজনে কয়।
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই জনোৱা মতে নিৰ্দেশ লাভ কৰাৰ পিছতে লোক কেইজনক আটক কৰা হৈছে।
বৰ্তমান আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত ৰাখি দাবী কৰাৰ দৰে মাওবাদীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে নে নাই তাৰ তদন্ত কৰি আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
“তেওঁলোকৰ এজনৰ মাওবাদীৰ সৈতে সম্পৰ্ক আছে যদিও বাকীকেইজনৰ ক্ষেত্ৰত আমি তদন্ত কৰি আছো,” চেতিয়াই কয়।
চৰকাৰৰ পৰা সা-সুবিধা কৰাৰ আশাত বিভিন্ন সময়ত উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক নথকা সত্ত্বেও কেতিয়াবা কোনো লোকে নিজকে বিদ্ৰোহী গোটৰ সদস্য বুলি পৰিচয় দিয়ে, গতিকে তেওঁলোকৰ দাবীৰ সত্যাসত্য পৰীক্ষা কৰি থকা হৈছে বুলি আন এগৰাকী বিষয়াই কয়।
লগতে পঢ়ক –অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত দুই ৰাজ্যৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত