ডিমাহাছাওঃ ডিমা হাচাও জিলাৰ মাইবং মহকুমাৰ অন্তৰ্গত খেপ্ৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসহ ৯ গৰাকী স্বাস্থ্যকৰ্মীক নিলম্বন কৰা হৈছে।

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কল্পনা কেম্প্ৰাই দেওবাৰে স্বাস্থ্য কেন্দ্ৰটোৰ ফাৰ্মাচিষ্ট, চিকিৎসককে ধৰি মুঠ নজন লোকক নিলম্বনৰ বাবে এক নিৰ্দেশনা জাৰি কৰে। তথ্য অনুসৰি, এগৰাকী গৰ্ভৱতী মহিলা স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসাৰ বাবে গৈ চিকিৎসক-স্বাস্থ্যকৰ্মী নথকাত বিমুখ হৈ উভতিব লগা হৈছিল। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই অভিযোগ। ইয়াৰ পিছতে বুধবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চিইএম দেৱোলাল গাৰ্লোচাই দুজন সতীৰ্থ ইএমৰ সৈতে খেপ্ৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে।

স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক, ফাৰ্মাচিষ্ট আৰু কৰ্মচাৰীসকল নিয়মীয়াকৈ উপস্থিত নথকাৰ তথ্য লাভ কৰে। চিইএম গাৰ্লোচাই বিভাগীয় ইএম চামুৱাল চাংছনক বিষয়টোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে দেওবাৰে জিলা স্বাস্থ্য বিভাগৰ কাৰ্যকৰী যুটীয়া আহ্বায়ক ডাঃ কল্পনা কেম্প্ৰাই চিকিৎসক ড০ জেছি নিয়ান্থিয়াঞ্জো সুয়াণ্টক, মোস্তাক আহমেদ, এছ.আৰ. লস্কৰ, ফাৰ্মাচিষ্ট উষা লাংথাছা আৰু নেইজাহাত চাংছন, এএনএম খিস্মাই লাংথাছা, জিএনএম প্রনেন লংমাইলাই আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গিনখোপাও চাংছনক নিলম্বনৰ বাবে এক নিৰ্দেশনা জাৰি কৰে।

বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে চিকিৎসকসহ নজন কৰ্মচাৰীয়ে সেৱাত যোগদান কৰিব নোৱাৰিব। স্বাস্থ্য বিভাগৰ ই এম চামুয়াল চাংছনে কয় যে বিভাগটোৰ দ্বাৰা তদন্ত আৰম্ভ কৰা হৈছে। গতিকে তদন্তৰ পিছতহে সকলো স্পষ্ট হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply