নিউজ ডেস্কঃ ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমী বুলি কলেই সকলো অভিভাৱকে বিচাৰে নিজৰ সন্তানক পঢ়োৱাবলৈ। কাৰণ ছল্ট ব্ৰুক একাডেমীত মেট্ৰিকেই হওক বা উচ্চতৰ মাধ্যমিকেই হওক দুটা পৰ্যায়তেই প্ৰত্যেক বছৰতেই স্থান প্ৰাপ্ত হ’বলৈ সক্ষম হয় একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীসকল। সেইবাবে কেৱল ডিব্ৰুগড়বাসীৰে নহয় উজনি অসমৰ ই এক জাকত-জিলিকা নাম।

কিন্তু ছল্ট ব্ৰুক একাডেমীৰ গৰিমাক বেয়াকৈ নষ্ট কৰি পেলালে ৯ জন ছাত্ৰই। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত এই ৯ জন ছাত্ৰৰ ভিতৰত আছে এজন খবৰ দিওঁতাও।

ডিব্ৰুগড় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। প্ৰশ্ন কাকতৰ বিনিময়ত ৫০০ৰ পৰা ২০০০ টকাত বিক্ৰী কৰিছিল বুলি তথ্য লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

ডিব্ৰুগড় আৰক্ষী সঞ্চালক প্ৰধান শ্বেতাংগ মিশ্ৰই সংবাদ মাধ্যমক জনাই যে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ডিব্ৰুগড়ত বৰ্তমানলৈ মুঠ ৯ জনক আটক কৰা হৈছে। ছাত্ৰ কেইজন একাডেমীখনৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন কৰি আছে।

ইফালে, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনেও ছল্ট ব্ৰুক একাডেমীৰ এই কাণ্ডক লৈ লজ্জাবোধ অনুভৱ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জনাই।

উল্লেখযোগ্য, ছল্ট ব্ৰুক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱাৰা, অধ্যক্ষ ৰঞ্জিত বৰুৱা সহ বিদ্যালয়খনৰ কেইবাজনো শিক্ষক-কৰ্মচাৰীক সোধা-পোচা অব্যাহত ৰাখিছে বুলিও আৰক্ষী অধীক্ষকে জনে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply