যোৰহাট : অতি বৰ্বৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্ত অতি ক্ষিপ্ৰ গতিত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ পাছত শেহতীয়াকৈ ক’লা ল’ৰাৰ পিতৃ মোহন দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
মোহন দাসৰ লগতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে চিৰঞ্জিত দাস নামৰ অন্য এজন অভিযুক্তক।উল্লেখ্য যে, ৭ অভিযুক্তক ৫ দিনৰ জিম্মাত লৈছিল যোৰহাট আৰক্ষীয়ে। ইয়াৰে দুগৰাকী জেললৈ প্ৰেৰণ কৰাৰ পিছত বাকী ৫ অভিযুক্তক পুনৰ ৭ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে। বৰ্তমানলৈকে উক্ত ঘটনাৰ সন্দৰ্ভত ১৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে দিন দুপৰতে যোৰহাটৰ ৰাজপথত একাংশ লোকে গণ আক্ৰমণৰ কৰিছিল অনিমেষ ভূঞাসহ তিনিজন যুৱকক। গণ আক্ৰমণত নিহত হৈছিল অনিমেষ ভূঞা। এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে ঘটনাৰ লগত জড়িত ১৪ জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
লগতে পঢ়ক : ‘হৰ ঘৰ দস্তক’ অভিযানত ব্যস্ত মুখ্য সচিব জিষ্ণু বৰুৱা
এক পথ দুর্ঘটনাক কেন্দ্ৰ কৰি নীৰজ দাস ওৰফে ক’লা লৰাৰ নেতৃত্বত একাংশ লোকে নৃশংসভাৱে গণ আক্ৰমণ চলাইছিল তিনিজন নিৰীহ যুৱকৰ ওপৰত। ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই পথ দুর্ঘটনাত নিহত হৈছিল।