নিউজ ডেস্কঃ ডিমা হাচাওত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ডিমা হাচাও জিলাৰ লংকুস্থিত লৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজনেৰে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে সংগ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দুই পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে দেৱলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাঙে।

বিত্তমন্ত্ৰী গৰাকীৰ  উপস্থিতিত  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সৈতে ১২০ মেগাৱাট নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে শক্তি মন্ত্ৰী বিমল বৰাই |

 উক্ত প্ৰকল্পটোৱে কপিলীৰ জলবিদ্যুৎ ক্ষমতাৰ সম্ভাৱনীয়তাক নতুন গতি প্ৰদান কৰাৰ লগতে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ ৰাইজক উন্নত বিদ্যুৎ সেৱা যোগান ধৰাৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

লগতে পঢ়কঃছয়গাঁৱত জব্দ ম’বাইল টাৱাৰৰ চুৰি বেটাৰী,২৫কিলো বৈদ্যুতিক তাঁৰ:আটক এজন

প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে Externally Aided Project (EAP)ৰ অধীনত পুঁজিৰ অনুমোদন জনোৱা হৈছে |

প্ৰকল্পটোত ২২শ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলিব ইয়াৰে উৎপাদনৰ ৫ % ডিমা হাচাও জিলাৰ বাবে ধাৰ্য্য় কৰা হৈছে ৷ লগতে কাৰ্বি আংলং স্বায়ত্ত পৰিষদকো ইয়াৰ উৎপাদনৰ লাভাংশ আগবঢ়োৱা হ’ব। প্ৰকল্পটোত ১২০ মেগাৱাট বিদ্যুৎ উৎপাদান কৰা হ’ব।

ডিমা হাচাও জিলাৰ উমৰাংছ জলবিদ্যুৎ প্ৰকল্পৰ পাছত এয়া জিলাখনৰ দ্বিতীয়টো বৃহৎ জলবিদ্যুৎ প্ৰকল্প।

ইয়াৰোপৰি অসম মালাৰ আঁচনিৰ অধীনত জিলাখনৰ হাফলং তিনি আলিৰ পৰা গুঞ্জুং লৈকে দুই লাইনযুক্ত ঘাই পথৰো আধাৰ শিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,346 other subscribers

Leave a comment

Leave a Reply