নিটি আয়োগে প্ৰকাশ কৰা বহনক্ষম উন্নয়ন সূচকাংকৰ তালিকাত অন্যতম শোচনীয় প্ৰদৰ্শনকাৰী ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে অসমে। উক্ত তালিকাত কেৰেলাই শীৰ্ষ স্থান আৰু বিহাৰে আটাইতকৈ শোচনীয় প্ৰদৰ্শনকাৰী ৰাজ্যৰ স্থান লাভ কৰে।

বৃহস্পতিবাৰে নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ সূচকাংক ২০২০-২১ৰ প্ৰতিবেদন মুকলি কৰে। উক্ত প্ৰদিবেদনত অসমে ৫৭ নম্বৰ লাভ কৰি তলৰ ফালৰ পৰা তিনি নম্বৰ স্থান অধিকাৰ কৰাৰ বিপৰীতে শীৰ্ষস্থানত থকা কেৰেলাই লাভ কৰে ৭৫ নম্বৰ।  

কেৰেলাৰ পিছতে তামিলনাডু আৰু হিমাচল প্ৰদেশে যুটীয়াভাৱে ৭৪ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। উল্লেখযোগ্য যে এইবাৰৰ সূচকাংকত ২০১৯ চনৰ তুলনাত মিজোৰাম, হাৰিয়ানা আৰু উত্তৰাখণ্ডই ক্ৰমে ১২, ১০ আৰু ৮ নম্বৰ বৃদ্ধিৰে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।

উক্ত প্ৰতিবেদনৰ মতে সু-স্বাস্থ্য আৰু ভাল অৱস্থা (good health and well-being) আৰু লিংগ সমতাৰ ক্ষেত্ৰত অসমৰ স্থান আটাইতকৈ তলত, সু-স্বাস্থ্য প্ৰদানত অসমে ৫৯ নম্বৰ লাভ কৰাৰ বিপৰীতে লিংগ সমতাৰ ক্ষেত্ৰত লাভ কৰিছে মাত্ৰ ২৫ নম্বৰ।

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালৰ হাতত দলে নতুন দায়িত্ব অৰ্পন কৰিব : হিমন্ত বিশ্ব শৰ্মা

আনহাতে অসমৰ ৩১.৯৮ শতাংশ লোকে দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে আৰু দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত ৰাজ্যখনে ৫১ নম্বৰ লাভ কৰি তলৰ ফালৰ পৰা সপ্তম স্থানত আছে৷

একেদৰে শিক্ষাৰ মানদণ্ডত অসমৰ স্থান হ’ল তলৰ পৰা পঞ্চম (৪৩ নম্বৰ)। ক্ষুধাহীনতাৰ ক্ষেত্ৰত অসমে ৪১ নম্বৰ লাভ কৰি তালিকাৰ তলৰ ফালৰ পৰা ষষ্ঠ স্থানত আছে ৷

নিটি আয়োগৰ বহনক্ষম উন্নয়ন সূচকাংকৰ তালিকাত ২০২০-২১ত সূচনীয় প্ৰদৰ্শন কৰা ৭ খন ৰাজ্য হৈছে ক্ৰমে বিহাৰ (৫২), ঝাৰখণ্ড (৫৬), অসম (৫৭), অৰুণাচল প্ৰদেশ (৬০), মেঘালয় (৬০), ৰাজস্থান (৬০) আৰু উত্তৰ প্ৰদেশ (৬০)।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply