তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰত শুকুৰবাৰৰ সাপ্তাহিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰ’টকল। সকলো চৰকাৰী নীতি-নিৰ্দেশনা ভংগ হোৱা পৰিলক্ষিত হয় সাপ্তাহিক বজাৰখনত। বজাৰখনত দেখিবলৈ পোৱা নগ’ল কোনো ধৰণৰ সামাজিক দূৰত্ব, মাস্ক পৰিধান নকৰাকৈ বজাৰ কৰিলে বহুতে।
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে কেইবা হাজাৰ লোক ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে। এতিয়াও বহু লোক আক্রান্ত হৈ আছে ক’ভিডত। ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে চৰকাৰে ৰাইজৰ বাবে বান্ধি দিছে কেইবাটাও নীতি-নিৰ্দেশনা। ক’ভিডৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বজাই আৰু মাস্ক পৰিধান কৰা।
ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে দিনৰ ১২ বজাৰ পৰা সকলো সকলো দোকান-পোহৰ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যজুৰি বলবৎ কৰা হৈছে সান্ধ্য আইন। ৰাজ্যৰ সকলো হাট-বজাৰ বন্ধ ৰখাৰ নিৰ্দেশনাও জাৰি কৰিছে চৰকাৰে। চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতো বাক্সা জিলাৰ তামুলপুত শুকুৰবাৰে বহিল হাট-বজাৰ।
সকলো চৰকাৰী নীতি-নিৰ্দেশনা ধোঁৱা চাঙত উঠা পৰিলক্ষিত হ’ল তামুলপুৰৰ শুকুৰবাৰৰ হাট-বজাৰত। পুৱাৰ ভাগৰে পৰা বজাৰখনত শ শ লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গ’ল। শ শ লোকৰ উপস্থিতিত হাট-বজাৰখনত কোনো ধৰনৰ সামাজিক দুৰত্ব দেখিবলৈ পোৱা নগ’ল। লগতে মাক্স পৰিধান নকৰাকৈ বজাৰখনত পৰিলক্ষিত হ’ল বহু লোকৰ উপস্থিতি।
পুৱাৰ ভাগৰ পৰা শ শ ৰাইজৰ সমাগমেৰে ভৰপুৰ বজাৰখনত নাছিল কোনো প্ৰশাসনৰ লোক। বজাৰত ৰাইজৰ সমাগম দেখি সংকিত হৈ পৰে তামুলপুৰৰ সচেতন মহল। বাজাৰখনত মাক্স পৰিধান নকৰা একাংশ লোকৰ মাস্ক পৰিধান নকৰাৰ কাৰণ জানি চকু কপালত উঠিল।
আৰু পঢ়কঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল’ ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
কোনোবাই যদি শিখৰ খোৱা বাবে হেনো মাক্স খুলিছে। কোনোবাই আকৌ যুক্তি দিলে যে গাঁৱৰ চিনাকি লোকৰ লগত কথা-পতিলে মাক্সৰ প্ৰয়োজন নাই। কোনোবাই হেনো গৰমৰ বাবে মাক্সখন পকেটত ৰাখিছে।