গুৱাহাটী : ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে চৰকাৰৰ আলহী হ’ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে। পথ দুর্ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপ।

নতুন বছৰক আদৰণি জনোৱাৰ নামত যাতে সুৰাৰ ৰাগীত মতলীয়া হৈ গাড়ী চলাই কোনো লোক দুৰ্ঘটনাত পতিত নহয় ইয়াৰ বাবে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰযোগে ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী নচলাবলৈ ৰাজ্যবাসীক আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে ৩১ ডিচেম্বৰক লৈ আমি কঠোৰ হৈছে। পাৰ্টী কৰাত ৩১ ডিচেম্বৰ উদযাপন কৰাত কোনো বাধা নাই কিন্তু সুৰাপান কৰি ৩১ ডিচেম্বৰত কোনো লোকে গাড়ী চলাব নোৱাৰিব। কোনো লোকে সুৰাপান কৰি গাড়ী চলালে অথবা সুৰাপায়ী চালকৰ লগত গাড়ীত উঠি যোৱা সকলো আৰোহী হ’ব লাগিব আমাৰ আলহী।

লগতে পঢ়ক  : মাৰ্ঘেৰিটাত আছাৰ উত্তাল প্ৰতিবাদ

ইফালে ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘ক’ভিড আছে আৰু হৈ থাকিব’। জনসাধাৰন ইয়াৰ মাজতে থাকিব লাগিব। ক’ভিডৰ লগত যুঁজি যুঁজি আমি ক’ভিডক পৰাস্ত কৰিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ক’ভিড ভেকচিন লবলৈ জনসাধাৰণক আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply