তামুলপুৰ : নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য ভাৰত-ভূটান সীমান্তৰ ৰাইজ। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ হাজোগুড়ী গাঁৱৰ লোকসকল বছৰ বছৰ ধৰি নিজৰা পানীয়ে খাই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য। কেৱল নিৰ্বাচনৰ সময়তে এই সকল ৰাইজক লাগে ৰাজনৈতিক দলৰ নেতা সকলক।
চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু ৰাইজৰ ভাল দিন নাহিল। ৰাইজৰ ভাল দিন কেতিয়া আহিব, ৰাইজৰ সমস্যা কেতিয়া অন্ত পৰিব? ৰাইজৰ মাজত এইটো এক লাখটকীয়া প্ৰশ্ন। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ বগাজুলিৰ হাজোগুড়ী গাঁৱৰ লোকসকল বছৰ বছৰ ধৰি খোৱা পানীৰ সমস্যাৰ বাবে যমৰ যমৰ যাতনা ভোগা কৰি আছে।
হাজোগুড়ী গাঁৱৰ কেইবাটাও পৰিয়ালে বাৰিষাৰ সময়ত ভূটানৰ পৰা বৈ অহা নৈৰ কাষৰ নিজাৰৰ পানী খাই বছৰ বছৰ ধৰি জীৱন নিৰ্বাহ কৰি আহিছে। যাৰ ফলত অঞ্চলটোৰ লোক সকলৰ বিভিন্ন ধৰণৰ পেটৰ ৰোগৰ লগতে বিভিন্ন সমস্যাত ভোগা পৰিলক্ষিত হৈছে। হাজোগুড়ী গাঁৱৰ লোক সকলক পৰিৱৰ্তন কামী চৰকাৰখনৰ অভিলাসী আঁচনি সমূহে ঢুকি পোৱা নাই।
লগতে পঢ়ক : শোণিতপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান
এটুপান বিশুদ্ধ খোৱা পানীৰ বাবে গাঁওবাসীয়ে কৰিব লাগে সংগ্রাম। ভুটানৰ পৰা বৈ অহা নিজৰাৰ পানীৰে হাজোগুড়ী গাঁৱৰ বহু পৰিয়ালে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য। সেইহে গাওঁবাসীয়ে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰখনক অঞ্চলতোৰ লোক সকলৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে।