গুৱাহাটী : অৱশেষত চন্দ্ৰপুৰবাসী ৰাইজৰ বাবে আহিল ভাল খবৰ। চন্দ্ৰপুৰবাসী ৰাইজৰ দাবী মানিবলৈ বাধ্য হল জিলা প্ৰশাসন। প্ৰায় ডেৰ মাহ জোৰা আন্দোলনৰ ফল পালে চন্দ্ৰপুৰবাসী ৰাইজে।
মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চল চন্দ্ৰপুৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড স্থপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। প্ৰায় ডেৰ মাহ পূৰ্বে চন্দ্ৰপুৰত মহানগৰীৰ আৱৰ্জনা পেলাবলৈ আৰম্ভ কৰি প্ৰশাসনে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থপন কৰিছিল।
চন্দ্ৰপুৰৰ মনোমোহা পৰিৱেশৰ মাজত প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি ওলাই আহিছিল চন্দ্ৰপুৰবাসী। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থপনৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসী ৰাইজে গঢ়ি তুলিছিল এক ধাৰাবাহিক আন্দোলন।
চন্দ্ৰপুৰৰ স্থানীয় ৰাইজৰ লগতে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল। কেতিয়াবা যদি পথ অৱৰোধ, কেতিয়াবা প্ৰতিবাদী সমদল উলিয়াই ৰাইজ আৰু দল-সংগঠন সমূহে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰি আহিছিল।
লগতে পঢ়ক : ধিংৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব অখিল গগৈ
ধাৰাবাহিক প্ৰতিবাদৰ মাজতে অৱশেষত ডাম্পিং গ্ৰাউণ্ডক লৈ ভাল খবৰ আহে চন্দ্ৰপুৰবাসী বাবে। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থপন নহয় বুলি জানিবলৈ দিয়ে। চন্দ্ৰপুৰত অস্থায়ীভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে।