বৰপেটা : বৰপেটাৰ নগাঁও বিদ্যুৎ উপকেন্দ্ৰত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় একাংশ ৰাইজে উপ কেন্দ্ৰটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিগত চাৰিদিন ধৰি বিদ্যুৎ যোগান নিদিয়া, কম পৰিমাণে ভল্টেজ দিয়াৰ প্ৰতিবাদত ৰাইজে উপকেন্দ্ৰটোত তলা ওলমালে।ৰাইজৰ সমস্যাক মুঠেই গুৰুত্ব নিদিয়া বাবেই অৱশেষত উপায়ন্তৰ হৈ ৰাইজে উপকেন্দ্ৰটোৰ গেটত তলা ওলোমোৱাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এফালে উৎকট গৰম, আনফালে বৰপেটা জিলাৰ ভেল্লা, নগাঁৱত বিগত চাৰিদিনেই নাই বিদ্যুৎ। যাৰ ফলত ৰাইজে জীয়াতু ভুগিব লগা হৈছে। কিছু মূহুৰ্তৰ বাবে বিদ্যুৎ যোগান ধৰে যদিও ভল্টেজ অতি নিন্মমানৰ প্ৰদান কৰে। দিনত ১০ ৰ পৰা ১২ বাৰকৈও বিদ্যুৎ কৰ্তন কৰে। ভূক্তভোগী ৰাইজে বৰপেটা আৰু নগাঁও উপকেন্দ্ৰৰ সৈতে যোগাযোগ কৰে যদিও বিভাগীয় বিষয়া-কৰ্মচাৰীৰ পৰা নাপায় কোনো ধৰণৰ সঁহাৰি।
অৱশেষত ৰাইজে বিদ্ৰোহ কৰিবলৈ বাধ্য হয়। প্ৰথমে উপ কেন্দ্ৰটোৰ কৰ্মচাৰীক গামোচাৰে সম্বৰ্ধনা জনায় আৰু তাৰ পিছত ৰাইজে কাৰ্যালয়ৰ গেটত ওলমায় তলা। অসম বিদ্যুৎ যোগান কোম্পানী লিমিটেডে চৰকাৰী আচঁনি দীনদয়াল উপাধ্যায় গ্ৰাম্যজ্যোতি যোজনাৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ লোকক ২৪ ঘন্টাই বিদ্যুৎ যোগান দিয়াৰ বাবে বদ্ধপৰিকৰ।
চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু বাস্তৱৰ মাজত বহু পাৰ্থক্য পৰিলক্ষিত হৈছে। আচঁনিখনক যেন ফেটুকা ফেনত উপনীত কৰাইছে একাংশ ঠিকাদাৰে। ইপিনে ঠিকাদাৰ আৰু একাংশ চৰকাৰী দালালৰ হস্তক্ষেপৰ বাবে ৰাইজে বিদ্যুৎ সেৱা নিয়মীয়াকৈ লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। কিছু ঠাইৰ লোকৰ সৈতে গোপন বুজাবুজি কৰি দালাল, ঠিকাদাৰ আৰু বিভাগীয় একাংশ কৰ্মচাৰীয়ে বিদ্যুৎ যোগান নিয়মিতভাৱে ধৰাৰ লগতে ভল্টেজো উন্নত মানৰ প্ৰদান কৰি আছে।
লগতে পঢ়ক : বিশিষ্ট চিন্তাবিদ, মানবতাবাদী লেখিকা ড: অনিমা গুহ দেহাৱসান
আনফালে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈছে বহু অঞ্চলৰ লোক। ভেল্লা, শিলাকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজেও ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। প্ৰকৃততে কাৰ হেমাহিৰ বাবে ভেল্লা, নগাঁও, শিলাবাসীৰ লগতে পূৱ বৰপেটাৰ আন আন অঞ্চলৰ লোক নিয়মিতভাৱে বিদ্যুৎ সেৱা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে সেইয়া পোহৰলৈ অহা নাই যদিও একাংশ বিষয়া-কৰ্মচাৰী আৰু দালালৰ এই ক্ষেত্ৰত হস্তক্ষেপ থক বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে।