লখিমপুৰ : দুদিন ধৰি অন্ধকাৰত লখিমপুৰ জিলাৰ কদম টেঙাবস্তিতৰ গাঁওবাসী। লখিমপুৰৰ কদম টেঙাবস্তিত ট্ৰেন্সফৰ্মাৰ বিকল হৈ থকাৰ বাবে দুদিনে অন্ধকাৰত আছে গাঁওবাসী।

বজ্ৰপাত পৰি লখিমপুৰৰ কদম টেঙাবস্তি গাঁৱৰ বিদ্যুৎ পৰিৱাহী টেন্সফৰ্মা বিকল হৈ পৰাৰ ফলত যোৱা দুদিন ধৰি অন্ধকাৰচন্ন হৈ পৰিছে সমগ্ৰ গাঁওখন। ইয়াৰ ফলত প্ৰয়োজনীয় দৈনন্দিন কাম কাজ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী পঢ়া শুনাক লৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ।

আৰু পঢ়কঃ শক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে: মন্ত্ৰী বিমল বৰা

কেৱল ইমানেই নহয় বিজুলী বাতিৰ অভাৱত চাকিৰ পোহৰত গাঁওবাসীয়ে নিশা যাপন কৰিব লগা হৈছে। বিকল হৈ পৰা ১১০ কে ভি বিদ্যুৎ টেন্সফৰ্মাটো অতি শীঘ্ৰে পুনৰ সংস্থাপন কৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ মুখ্য কাৰ্যবাহী অভিযন্তাক দাবী জনাইছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply