গুৱাহাটী – নিৰ্বাচনী প্ৰচাৰৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অসমত লকডাউন নহয়। অসমত কভিড নাই, গতিকে অসমত লকডাউন নহয় বুলি স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত নতুনকৈ ৫২ জন লোকৰ শৰীৰত ধৰা পৰিছে কভিড।
আৰু পঢ়কঃ শুকুৰবাৰে ভাৰত বন্ধ
দেশৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কভিডে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো নতুনকৈ ৫২ জন লোকৰ শৰীৰত ধৰা পৰিছে কভিড। ৰাজ্যত নিৰ্বাচনৰ পিছতে লকডাউন ঘোষণা কৰা হ’ব বুলি বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অসমত লকডাউন নহয় বুলি।
আৰু পঢ়কঃ সুৰা সৰবৰাহকাৰীৰ ৰূপত ভুৱা সেনা জোৱান
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিমটো দিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে অসমত কভিড নাই, গতিকে অসমত লকডাউন নহয়। অসমত নিৰ্বাচনৰ পিছত লকডাউন দিয়া নহ’ব বুলি স্পষ্ট কৰিদিয়ে মন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কভিডে। ভয়াবহভাৱে দেশত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ। সমগ্ৰ দেশতে ৪৭,২৬২ জন লোক আক্রান্ত হৈছে কভিডত। অসমত নতুনকৈ ৫২ জন লোক কভিডত আক্রান্ত হোৱাৰ বিপৰীতে কভিডত আক্রান্ত হৈ যোৱামঙলাবাৰে মৃত্যু হৈছে এজন লোকৰ।