যোৰহাট : এয়া আঘোণ মাহ।পথাৰত সোণগুটি চপোৱাৰ সময়। আঘোণ মাহতেই অসমীয়া সমাজ জীৱনত ন-লগোৱা উৎসৱ পালন কৰে কৃষক সমাজে।যোৰহাট জিলাৰ মালৌ পথাৰৰ বৰভেটিৰ ৰাইজেও প্ৰতি বছৰে পালন কৰি আহিছে এই ন-লগোৱা উৎসৱ। এই ন-লগোৱা উৎসৱৰ আছে এক ঐতিহ্য। বৰভেটিৰ এই ন-লগোৱা উৎসৱে ২৫৪ বছৰত ভৰি দিছে।
মায়ামৰা বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অষ্টভুজদেৱ গুৰু জনাৰ বলিষ্ঠ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ মহা ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল এই বৰভেটি তীৰ্থ। আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেওঁৰ পুত্ৰ সপ্তভূজে ১৭৬৮ খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত বৰভেটি বনাইছিল বুলি জনশ্ৰুতি আছে।
ভেটিটো ওখ হোৱাৰ বাবেই বৰভেটি বুলি ইতিহাস প্ৰসিদ্ধ।মায়ামৰা ভক্তসকলে প্ৰতিবছৰে প্ৰথম শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্ৰথম সপ্তাহৰ কোনো এটা দিনত সকলো লগ হৈ ন-লগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে। মাটিৰ চাকিৰে বন্তি প্ৰজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়।
লগতে পঢ়ক : মাটিৰ তলৰ পৰা ওলাল ২,৫৯,২০০ টা নিচাজাতীয় টেবলেট
নতুন চাউলৰ পিঠাগুৰি, গাখীৰ আৰু গুৰেৰে তৈয়াৰী সাজ, মাহ প্ৰসাদ, কল, কুঁহিয়াৰ আদি নৈবদ্যৰে শৰাই সজাই গায়ন বায়ন পৰিবেশন কৰা হয়। ঐতিহাসিক বৰভেটিত আজিও এই উৎসৱ নিষ্ঠাৰে পালন কৰা হয়। আজিও উক্ত দিনটোত এই উৎসৱৰ দিনাখন বহুতো ভক্তৰ ভিৰ পৰিলক্ষিত হয়।