গুৱাহাটী : কামৰূপ মহানগৰ জিলাক ক’ভিডমুক্ত কৰাৰ বাবে পূৰ্বতকৈ অধিক কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্রশাসন। জিলাখনত গণসংক্রমণে যাতে ভয়াবহৰূপ ধাৰণ কৰিব নােৱাৰে, সেই উদ্দেশ্য আগত ৰাখি জিলা উপায়ুক্তৰ কার্যালয় সভাকক্ষত জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগত মঙলবাৰে এখন জৰুৰী সভা অনুষ্ঠিত হয়।

পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে অতিৰিক্ত উপায়ুক্তসকল উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি-সম্পাদকসমূহক প্রতিখন দোকানৰ সন্মুখত ‘ন মাস্ক, ন’ চেলচ’ শীর্ষক বেনাৰ লগােৱাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। তেওঁ কয় যে দোকানৰ প্ৰতিজন কর্মচাৰীয়ে মাস্ক পিন্ধা আৰু দোকানৰ সন্মুখত চেনিটাইজাৰ বা চাবােনেৰে হাত ধােৱাৰ ব্যৱস্থা ৰখাতাে বাধ্যতামূলক, অন্যথা প্রশাসনৰ টাস্ক ফর্চে দোকানসমূহ পৰিদৰ্শন কৰি লাইচেন্স বাতিল কৰি দিব।

লগতে পঢ়ক : ক’ভিড পৰিস্থিতিৰ পর্যালােচনাৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

আনহাতে পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শর্মাই প্ৰতিটো আলিয়ে গলিয়ে, প্রায় প্রতিখন দোকানৰ সন্মুখৰ ফুটপাথত অস্থায়ী দোকান বহুৱাতাে বন্ধ কৰােৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বজাৰ সমিতিক অনুৰােধ জনায়। নতুবা দোকানৰ বয়-বস্তু জব্দ কৰা হ’ব বুলি উনুকিয়াই তেওঁ কয় যে যেতিয়ালৈকে ক’ভিড বিধি তথা চৰকাৰী নীতি-নির্দেশনা কঠোৰভাৱে মানি নচলে তেতিয়ালৈকে ক’ভিড ৰােধ কৰিব নােৱাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply