গুৱাহাটী : এই পৰ্য্যন্ত অসমত এটাও অ’মিক্ৰণৰ কে’চ ধৰা পৰা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।
অসমত এই মুহুৰ্তত অ’মিক্ৰণক লৈ শংকিত হ’ব লগীয়া কোনো কাৰণ নাই যদিও সকলোকে সতৰ্ক হৈ থাকিবলৈ শৰ্মাই আহ্বান জনায়।
অ’মিক্ৰণক ৰখাব নোৱাৰি বুলি মন্তব্য উল্লেখ কৰি তেওঁ কয়, ”বাহিৰৰ ৰাজ্য সমূহত অ’মিক্ৰণ যথেষ্ট বৃদ্ধি পাইছে আৰু যিহেতু বিমান যোগে বাহিৰৰ পৰা বহুত মানুহ আহি আছে গতিকে অসমতো যে নহ’ব তেনে কথা নাই।”
সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই ডাঃ শৰ্মাই লগতে, ”মাস্ক পৰিধান কৰাৰো এক নিয়ম আছে। মাস্ক পৰিধান কৰোঁতে নাকৰ ওপৰৰ পৰা যাতে বতাহ নাহে তাৰ প্ৰতি ধ্যান ৰাখিব। ইয়াৰ উপৰি ৰাজহুৱা ঠাইত সামাজিক দূৰত্ব মানি চলক।”
সোমবাৰে গুৱাহাটী বিমান বন্দৰত ১৮ টা ক’ভিড পজিটিভ ধৰা পৰা বুলি জানিবলৈ দি অধীক্ষক শৰ্মাই জনাই যে জি এম চি এইচত ১৪ জনক ভৰ্তি কৰোৱা হয়।
আজিৰ তাৰিখত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত মুঠ ৬৭ গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে ৭ গৰাকী ৰোগী আই চি ইউত ভৰ্তি হৈ আছে বুলি ডাঃ অভিজিত শৰ্মাই জানিবলৈ দিয়ে।
লগতে পঢ়ক – উত্তৰ-পূব হ’ব ভাৰতৰ বিকাশৰ ‘গে’টৱে’ : প্ৰধান মন্ত্ৰী মোদী