তেজপুৰ : অসমৰ অ’মিক্ৰণৰ কোনো সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই। শোণিতপুৰ জিলাত অ’মিক্ৰণ সংক্ৰমণৰ বাতৰি অস্বীকাৰ কৰিছে জিলা প্ৰশাসনে। এই সন্দৰ্ভত শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসেও দিয়া স্পষ্টীকৰণত উল্লেখ কৰিছে যে, তেজপুৰ মেডিকেল কলেজ দিয়া তথ্য অনুসৰি RT-PCR পৰীক্ষাত কোভিড প’জিটিভ ধৰা পৰিছে। জেনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে ৰোগীজনৰ নমুনা। এতিয়াও অহা নাই পৰীক্ষাৰ প্ৰতিবেদন। সেয়েহে এতিয়াই এই সন্দৰ্ভত ব্যক্তিগৰাকী অ’মিক্ৰণ আক্ৰন্ত হয় অথবা নহয় বুলি ক’ব নোৱাৰি।

লগতে পঢ়ক : চিলাপথাৰত পথ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল গঞাঁ

উল্লেখ্য যে শোণিতপুৰৰ বালিপৰাৰ বুঢ়াগাঁও চাপৰিৰ কোৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত সংক্ৰমিত বুলি সন্দেহ কৰা ৰোগীজনৰ নাম আছিল সূৰ্য্য বাহাদুৰ তামাং। ৰোগীজন চৌদি আৰৱত কৰ্মৰত আছিল। শনিবাৰে নিশা তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,784 other subscribers

Leave a comment

Leave a Reply