গুৱাহাটী : নিবনুৱা যুৱক–যুৱতীয়ে চাকৰি লাভ কৰাৰ পিছত পুলিচ ভেৰিফিকেচনৰ বাবে বহু দিন অপেক্ষা কৰিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত কেবিনেটে এতিয়াৰে পৰা চাকৰিত যোগদানৰ ক্ষেত্রত পুলিচ ভেৰিফিকেচন ব্যৱস্থা প্রত্যাহাৰ কৰে৷ ইয়াৰ সলনি চাকৰি লাভ কৰা সকলে ক’ট এফিডেফিটযোগে ছেল্ফ ডিক্লাৰেচন দিলেই হ’ব৷
চৰকাৰে সেই নথিক সত্য নথি হিচাপে গ্রহণ কৰিব আৰু সেই নথি সংশ্লিষ্ট বিভাগৰ অথবা পার্ছনেল বিভাগৰ ৱেবছাইটত উপলব্ধ হ’ব৷ এই ক্ষেত্ৰত কোনোবাই ভুল তথ্য দিলে তেওঁলোকক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ লগতে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ একেদৰে নিয়োগ বিনিময় কেন্দ্রত নিবনুৱাৰ নাম পঞ্জীয়নৰ ক্ষেত্রতো কেবিনেটে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি এতিয়াৰে পৰা আধাৰৰ ভিত্তিত নিবনুৱাসকলে অনলাইনযোগে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিব পাৰিব৷
লগতে পঢ়ক : কুকুৰমাৰাৰ মাজনী ৰেষ্টুৰেণ্টত নিশা হ’লেই চলে যৌনতাৰ বেহা
যিসকলৰ আধাৰ কার্ড নাই তেওঁলোকক অহা ৩১ মার্চ পর্যন্ত ৰেহাই দিয়া হৈছে৷ তেওঁলোকে নিয়োগ বিনিময় কেন্দ্রলৈ গৈ নাম পঞ্জীয়ন কৰিব লাগিব৷ অৱশ্যে ২০২২ চনৰ ১ এপ্রিলৰ পৰা নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন আধাৰ কার্ডৰ ভিত্তিত সম্পূর্ণৰূপে অনলাইন হ’ব৷