আজিৰে পৰা NO VACCINE, NO ENTRY! আজিৰে পৰা দুপালি ভেকচিন নোলোৱা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন।
দুপালি ভেকচিন নোলোৱা লোকসকল যাব নোৱাৰিব কাৰ্যালয়লৈ, সোমাব নোৱাৰিব ৰেষ্টুৰেণ্ট বা শ্বপিং মলত।
যাত্ৰা কৰিব নোৱাৰিব ৰেল, বাছ আৰু বিমানেৰে।
এক ৰাজহুৱা জাননী জাৰি কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে।

আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ বাবে কেতবোৰ কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। এই বাধা-নিষেধসমূহ আজিৰে পৰা বলৱৎ হৈছে।

ভেকচিনৰ দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী আৰু ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

এইলোকসকলে হোটেল, মল আদিতো প্ৰৱেশ কৰিব নোৱাৰিব । কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে জৰিমনা ভৰিব লাগিব।

ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব। ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীক অফিচত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী ৰাজ্য চৰকাৰৰ। স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ ল’বই লাগিব, ভেকচিন নল’লে দৰমহা নাপাব। স্বাস্থ্য-পৰিয়াল কল্যাণৰ প্ৰধান সচিবে এই নিৰ্দেশনা জাৰি কৰিছে।

লগতে পঢ়ক- আহতগুৰিৰ ম’হ যুঁজক লৈ প্ৰশাসনৰ বাধাক লৈ অসন্তুোষ্ট ম’হৰ গুৱাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply