মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে জিলাখনৰ শিক্ষক সকলক ক’ভিডৰ ভেকচিন ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। ভেকচিন নল’লে এইবাৰ দৰমহা দিয়া নহয় বুলি মৌখিকভাৱে প্ৰসাদনৰ ফালৰ পৰা নিৰ্দেশ দিয়াৰ পিছতেই দক্ষিণ শালমাৰা শিক্ষা খণ্ড আৰু মানকাচৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই সকলো শিক্ষকক ভেকচিন ল’বলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনত থকা শিক্ষক সকলৰ দৰমহা শিক্ষা খণ্ডৰ পৰা মোকোলাই দিয়া হৈছে কিন্তু মানকাচৰ শিক্ষা খণ্ডৰ অধীনত থকা শিক্ষক সকল দৰমহাৰ পৰা বঞ্চিত হৈ পৰিছে।

জানিব পৰা মতে মানকাচৰৰ শিক্ষক সকলক ভেকচিন ল’বলৈ নিৰ্দেশ দিয়াৰ পিছতেই শিক্ষক সকলে ভেকচিন ল’বলৈ আৰম্ভ কৰিছে যদিও ঈদৰ পূৰ্বে সহস্ৰাধিক শিক্ষকে ভেকচিন লৈ সমাপ্ত কৰিব নোৱাৰিব ফলত মানকাচৰ শিক্ষা খণ্ডৰ অধীনত থকা আটাইকেইজন শিক্ষক ঈদৰ পূৰ্বে দৰমহাৰ পৰা বঞ্চিত হ’ব। ঈদৰ পূৰ্বে শিক্ষক সকলে দৰমহা নাপালে এইবাৰ ঈদত শিক্ষক সকলে পৰিয়াল তথা আত্মীয় স্বজনক দিব নোৱাৰিব নতুন কাপোৰ।

আৰু পঢ়কঃমানকাচৰত সীমান্ত চেতনা মঞ্চ পুৰ্বত্তৰৰ উদ্যোগত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ

দমৰহা লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিয়াত চিন্তিত হৈ পৰিছে শিক্ষক সকল। জিলা প্ৰশাসনে ঈদৰ পূৰ্বে শিক্ষক সকলৰ দৰমহা মোকোলাই দিবলৈ দাবী জনাইছে শিক্ষক সকল। ইফালে শিক্ষক সকলে কয় আমি ভেকচিন লোৱাত আপত্তি কৰা নাই কিন্তু জিলা প্ৰশাসনে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এই ভেকচিনৰ ব্যৱস্থা কৰিলে শিক্ষক সকলৰ সুবিধা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply