নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সোমবাৰে ৰাতিপুৱা নোবেল বঁটা বিজয়ী  কৈলাশ সত্যাৰ্থীয়ে কৰিলে ফোন। শেহতীয়াকৈ মুখ্যমন্ত্ৰী শৰ্মাই শিশুৰ বাল্য বিবাহক লৈ কঠোৰ হোৱা দেখা গৈছিল। যাৰ বাবে  কৈলাশ সত্যাৰ্থীয়ে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপৰ বাবে ফোন কৰি প্ৰশংসা কৰে । 

বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টাৰ বাবে কৈলাশ সত্যাৰ্থী শিশু প্ৰতিষ্ঠান (Kailash Satyarthi Children’s Foundation ) ৰ তৰফৰ পৰা অনাগত দিনত সকলো সহায়ৰ প্ৰতিশ্ৰুতিও দিয়ে।এই কথা নিজেই ফেচবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীজনে জনাই। 

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কম বয়সতে প্ৰসূতি আৰু সন্তান মৃত্যু হোৱাৰ বাবে বাল্য বিবাহক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে । যাৰ বাবে ৰাজ্যৰ আৰক্ষী প্ৰশাসনক সংবিধানৰ POSCO, ২০১২ আৰু বাল্য বিবাহ নিষিদ্ধকৰণ আইন, ২০০৬ ৰ অধীন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ইতিমধ্যেই নিৰ্দেশনা প্ৰদান কৰিছে। 

লগতে পঢ়ক- ১৪ বছৰৰ তলৰ কন্যাক বিয়া পাতিলেই গ্ৰেপ্তাৰ হ’ব লাগিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply